Wednesday, September 18, 2024
Google search engine
গৃহস্থানীয়মাতৃ-পিতৃৰ কাজিয়া ! লাঠিৰ কোবত প্ৰাণ গ'ল ৪ মহীয়া কেচুৱাৰ । গ্ৰেপ্তাৰ...

মাতৃ-পিতৃৰ কাজিয়া ! লাঠিৰ কোবত প্ৰাণ গ’ল ৪ মহীয়া কেচুৱাৰ । গ্ৰেপ্তাৰ পিতৃ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ নিউ ফেকামাৰাতী যোৱা নিশা প্ৰায় ১১ বজাত এটি চাৰিমহীয়া কেচুৱা পিতৃৰ প্ৰহাৰ মৃত্যু মুখত পৰা মৰ্মান্তিক ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ ছা পৰিছে।

প্ৰাপ্ত বাতৰি মতে, খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ নিউ ফেকামাৰী গাঁৱৰ আব্দুল বাছিৰ নামৰ লোকজন তেওঁৰ পত্নীৰ সৈতে হঠাত কাজিয়াত লিপ্ত হৈ লাঠিৰে প্ৰহাৰ কৰিবলৈ ধৰে। মাতৃৰ কোলাত থকা ৪ মহীয়া কেচুৱা সন্তানটিৰ শৰীৰত লাঠিৰ কোব লগাত কেচুৱাটি মৃত্যু লগে লগে মুখত পৰে। এই ঘটনাৰ পাচতেই পাষাণ পিতৃ ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও খাৰুৱাবান্ধা আৰক্ষী উপস্থিত হৈ ৰূমি খাতুন নামৰ কেচুৱাটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰে। ইতিমধ্যে আজি ধুবুৰী মেডিকেল কলেজৰ পৰা মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাচত ঘৰলৈ আনি কেচুৱাটিক কবৰ দিয়া হৈছে। ঘটনাক লৈ পলায়ন কৰা পিতৃত আব্দুল বাছিৰক খাৰুৱাবান্ধা আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰি জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰাত আদালাতে পিতৃক জেললৈ প্ৰেৰণ কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছা পৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments