দক্ষিণ শালমাৰাত পথ নিৰ্মাণত দূৰ্নীতি । উপায়ুক্তক দ্বিতীয়বাৰৰ বাবে অভিযোগ

0
61

দক্ষিণ শালমাৰা মহাবিদ্যালয়ৰ পৰা টুমনিলৈ যোৱা পথটো নিৰ্মাণৰ বাবে নাবাৰ্ড আচনিৰ জৰিয়তে প্ৰায় ২ কোটি ২৯ লাখ টকা মোকলাই দিয়া হৈছে। বিভাগীটোৰ সৈতে ঠিকাদাৰজনে গোপন বুজাবুজি কৰি অতি নিম্নমানৰ চিচি ব্লকেৰে পথটো নিৰ্মাণ কৰি থকাৰ বাবে আমছুয়ে ৬ ডিচেম্বৰত হাটশিঙিমাৰী জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰে। পথ নিৰ্মাণত ব্যৱহাৰ কৰা প্ৰায় ৩৫ হেজাৰ চিচি ব্লক তদানীন্তত জিলা উপায়ুক্তা পল্লবী সৰকাৰ ৰিজেক্ট কৰি দিয়াৰ পাচত চিচি ব্লক খিনি পথৰ পৰা উঠাই নিয়া হয়। ইফালে জিলা উপায়ুক্ত পল্লবী সৰকাৰ জিলাখনৰ পৰা বদলি হোৱাৰ সুযোগ লৈ আজি দূৰ্নীতিগ্ৰস্থ ঠিকাদাৰ জনে পুনৰ সেই ৰিজেক্ট হোৱা চিচি ব্লক আনি পথ নিৰ্মাণৰ কাম আৰম্ভ কৰাত আজি পুনৰ আমছুয়ে হাটশিঙিমাৰীৰ নতুন উপায়ুক্ত অভিযোগ দিয়াত বিষয়টো তদন্ত কৰাৰ বাবে উপায়ুক্ত বিদ্যুত বিকাশ ভাগৱতী গড়কপ্তানি বিভাগক নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।