হাটশিঙিমাৰী-বাংলাদেশ সীমান্তৰ বৰাইৰ আলগাত ৪ টা চোৰাং গৰু জব্দ

0
68

হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ বৰাইৰ আলগা বিএছএফ কেম্প এলেকাৰ পৰা সীমান্ত সুৰক্ষা বাহিনীয়ে আজি পুৱতি নিশা ৪ টা চোৰাং গৰু জব্দ কৰিছে। গৰু কেইটা নদী পথেৰে বাংলাদেশলৈ নিয়া অৱস্থাত ৪৫ নং বেটেলিয়ান বিএছএফে জব্দ কৰিছে। গৰু কেইটা আৰক্ষীক চমজাই দিয়াত আৰক্ষীয়ে গোশালাত জমা কৰা বুলি জানিব পৰা গৈছে।