Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰাত নেতাই কাঢ়িলে গো-পালকৰ ৭ টা গৰু

দক্ষিণ শালমাৰাত নেতাই কাঢ়িলে গো-পালকৰ ৭ টা গৰু

দক্ষিণ শালমাৰা আৰক্ষীৰ নাম লৈ ছুৰুত জামান সেখ নামৰ এজন নেতাই কাঢ়ি নিলে তিনি গো-পালকৰ ৭ টা গৰু। প্ৰাপ্ত বাতৰি মতে, দক্ষিণ শালমাৰাৰ মাজেৰচৰ গাঁৱৰ আখতাৰ হুছেইন, শাহাদত আলী আৰু সন্তেষ আলী নামৰ গো পালক তিনি জনে নিজৰ গোহালীৰ পৰা ৭ টা গৰু একেলগে গোৱালপাৰা জিলাৰ জলেশ্বৰ সপ্তাহিক বজাৰত বিক্ৰী কৰিবলৈ যোৱা অৱস্থাত দক্ষিণ শালমাৰা আৰক্ষী নাম লৈ নেতা ছুৰুত জামান সেখে গৰু কেইটা কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে এটা গৰু বিক্ৰী কৰাৰ লগতে বাকী ৬ টা গৰু দক্ষিণ শালমাৰা থানা এলেকাৰ অধীনত থকা লোক এজনৰ ঘৰত গোপন কৰি ৰখা গো-পালনক কেইজনে অভিযোগ তুলিছে । ঘটনাক লৈ ভূক্তভূগী গো পালকে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল কৰি নেতা জনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহন কৰাৰ উপৰিও গৰু কেইটা উদ্ধাৰ কৰি দিবলৈ দাবী জনাইছে। ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। লক্ষণীয় বিষয় এয়া যে নেতা ছুৰুত জামান সেখ বিজেপিৰ জিলা যুৱ মৰ্চাৰ উপসভাপতিৰ দায়িত্ব পালন কৰি আছিল যদিও কিছুদিন পূৰ্বে তেওঁক এনে কাণ্ড কৰাৰ বাবে শাস্তিমূলক ভাবে উপ-সভাপতিৰ পদৰ পৰা অব্যাহতি দিয়া হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments