মানকাচৰত বলেৰ’ পিক বাহন সহ নিচাযুক্ত টেবলেট জব্দ

0
49

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কুছনিমাৰাত কালি আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এটা বলেৰ’ বাহন সহ নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে।

প্ৰাপ্ত বাতৰি মতে, মানকাচৰ আৰক্ষী এক গোপন সুত্ৰৰ ভিত্তীত কুচনিমাৰা বজাৰত ড্ৰাগছৰ বিৰুদ্ধে আভিযান আৰম্ভ কৰে। ইফালে পূৰ্বৰে পৰা বজাৰখনত AS01EQ8167 নম্বৰৰ ৰখাই থোৱা মহিন্দ্ৰা বলেৰ’ বাহন খনত আৰক্ষীয়ে তালাচী চলায়। বাহন খনৰ পৰা আৰক্ষীয়ে ২৮৮ টা এছ পি নামৰ নিচাযুক্ত টেবলেট উদ্ধাৰ কৰে । ফলত টেবলেট খিনিৰ লগতে বাহনখন জব্দ কৰে। আৰক্ষীক দেখি বজাৰখনৰ পৰাই ড্ৰাগছ মাফিয়াৰ দল পলায়ন কৰে বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে। আৰক্ষীয়ে ড্ৰাগছ মাফিয়াক কৰায়ত্ব কৰাৰ বাবে তীব্ৰ অভিযান আৰম্ভ কৰিছে। আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী মানকাচৰ ড্ৰাগছ মাফিয়াৰ ঘাটি হৈ পৰিছে যদিও দীৰ্ঘ দিনৰ মুৰত আৰক্ষীয়ে ড্ৰাগছবিৰোধী অভিযানত মাত্ৰ কেইটামান নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে।

ইফালে কালি মানকাচৰ-বাংলাদেশ সীমান্তৰ ঝালোৰচৰ বিএছএফে সীমান্তৰ পৰা ২ লাখ ২৪ হেজাৰ ভাৰতীয় টকাৰ ৫০০ টকীয়া নোটৰ জাল নোট জব্দ কৰিছে। মানকাচৰ-বাংলাদেশ সীমান্তয়েদি আন্তৰাষ্ট্ৰীয় সৰবৰাহকাৰী চক্ৰই দীৰ্ঘ দিনৰ পৰা ড্ৰাগছ, টেবলেট, মদ, ভাং তথা চোৰাং গৰু সৰবৰাহ কৰি আহিছে। জানিব পৰা মতে ৫০ হেজাৰ টকাৰ ড্ৰাগছ, নিচাযুক্ত টেবলেট, মদ, ভাং বাংলাদেশলৈ সৰবৰাহ কৰি ১ লাখ প্ৰযন্ত জালনোট লাভ কৰে আন্তৰাষ্ট্ৰীয় সৰবৰাহকাৰী চক্ৰই । মঙলবাৰে সীমান্তত জালনোট জব্দ হোৱাৰ লগতে মানকাচৰত নিচাযুক্ত টেবলেট জব্দ কৰা হৈছে। ড্ৰাগছ, মদ, ভাং তথা নিচাযুক্ত টেবলেটৰ বাংলাদেশত সৰবৰাহ কৰি বাংলাদেশৰ পৰা জালনোট আনি ভাৰতীয় বজাৰত মেলি দিয়াত ভাৰতৰ অৰ্থনীতিত ভয়ংকৰ অহনিৰ শংকেত কঢ়িয়াই আনা পৰিলক্ষিত হৈছে। আৰক্ষীয়ে বাহন জব্দ কৰা ড্ৰাগছ মাফিয়াক কৰায়ত্ব কৰিবলৈ সক্ষম হয়নে নাই সেয়া পৰৱৰ্ত সময়ত লক্ষণীয় হব।