Monday, September 16, 2024
Google search engine
গৃহস্থানীয়আৰক্ষী চকীৰ পৰা পলাল চোৰ, ১২ ঘণ্টাৰ ভিতৰত পুনৰ গ্ৰেপ্তাৰ

আৰক্ষী চকীৰ পৰা পলাল চোৰ, ১২ ঘণ্টাৰ ভিতৰত পুনৰ গ্ৰেপ্তাৰ

মানকাচৰৰ কালাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এটা চোৰ যোৱা নিশা কৰ্বত্যৰত কনিষ্টবল এগৰাকীৰ বেহু ভাঙি আৰক্ষী চকীৰ পৰা পলায়ন কৰাৰ প্ৰায় ১২ ঘণ্টাৰ মুৰত আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিছে। ধৃত চোৰটোক লালচান আলী বুলি চিনাক্ত কৰা হৈছে। চোৰটোক কালি মানুল্ল্যাপাৰাৰ পৰা আৰক্ষীয়ে দিনৰ প্ৰায় ১০ বজাত আটক কৰি আৰক্ষী চকীলৈ আনি জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল। নিশা প্ৰস্বাৱৰ ছলনাৰে লকআপৰ পৰা ওলাই ডিউটিত থকা কনিষ্টবল এজনৰ বেহু ভাঙি পলায়ন কৰে। পাচত জিলা আৰক্ষীয়ে পুনৰ অভিযান চলাই পলায়ন কৰাৰ প্ৰায় ১২ ঘণ্টাৰ ভিতৰত চোৰটোক চেংগুৰচৰ গাঁৱৰ পৰা আটক কৰি গ্ৰেপ্তাৰ কৰিছে। চোৰটোক হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰোৱাত আদালতে ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে। চোৰ পলায়ন কৰা ঘটনাক লৈ জিলা আৰক্ষীয়ে ডিউটিত থকা কনিষ্টবল জনৰ ৰিজাৰ্ভ ক্লোজ কৰিছে বুলি জিলা আৰক্ষীৰ অতিৰিক্ত অধীক্ষক ফাৰুক আহমেদে জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments