Tuesday, September 17, 2024
Google search engine
গৃহঅৰ্থনীতিমানকাচৰ-বাংলাদেশ সীমান্তত জালনোট জব্দ

মানকাচৰ-বাংলাদেশ সীমান্তত জালনোট জব্দ

মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী ঝালৰচৰ বিএছএফে যোৱা নিশা প্ৰায় ১১ বজাত সীমান্তৰ পৰা ১ লাখ ২৪ হেজাৰ ভাৰতীয় টকাৰ জালনোট উদ্ধাৰ কৰিছে। সীমান্তত নিশা বিএছএফ পহৰা দি থকা অৱস্থাত বাংলাদেশৰ ফালৰ পৰা দুই সৰবৰাহকাৰীয়ে এটা টোপোলা কাইটীয়া তাৰৰ বেৰৰ ওপৰেদি ভাৰতৰ ফালে দলিয়াই সীমান্তৰ পৰা আতৰি যায়। টহলধাৰী জোৱান টোপোলাটো খুলাৰ পাচত ২ লাখ ২৪ হেজাৰ টকাৰ জাল নোট উদ্ধাৰ হয়। ৪৫ নং বেটেলিয়ান বিএছএফে জালনোট খিনি মানকাচৰ শুল্ক বিভাগৰ অধীক্ষকৰ কাৰ্যলয়ত জমা কৰে। ইতিমধ্যে শুল্ক বিভাগে মেচিনেৰে জালনোট খিনি পৰীক্ষা কৰি জব্দ কৰিছে। জালনোট খিনি ভাৰতৰ সৰবৰাহকাৰীলৈ দলিয়াই দিছিল যদিও সীমান্তত বিএছএফ ততপৰ হৈ থকাৰ ফলত সৰবৰাহকাৰী জালনোট নিয়াত অক্ষম হয়। জানিব পৰা মতে, ৫০ হেজাৰ টকাৰ ড্ৰাগছ, নিচাযুক্ত টেবলেট, মদ, ভাং বাংলাদেশলৈ সৰবৰাহ কৰি ১ লাখ প্ৰযন্ত জালনোট লাভ কৰে আন্তৰাষ্ট্ৰীয় সৰবৰাহকাৰী চক্ৰটোই । দীৰ্ঘ দিনৰ পৰা জিলাখনৰ সীমান্তয়েদি এনে জালনোট সৰবৰাহ কৰি আনি ভাৰতীয় বজাৰত মেলি দিয়াত ভাৰতৰ অৰ্থনীতিত ভয়ংকৰ অহনিৰ শংকেত কঢ়িয়াই আনিছে এই আন্তৰাষ্ট্ৰীয় জালনোট সৰবৰাহকাৰী চক্ৰটোই। অনাগত দিন জিলা আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে কিদৰে জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান চলায় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments