Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়ৰমজান মাহ আৰু গৰমৰ মাজত মানকাচৰত বিদ্যুতৰ লোড শ্বিডিং

ৰমজান মাহ আৰু গৰমৰ মাজত মানকাচৰত বিদ্যুতৰ লোড শ্বিডিং

এফালে উতকট গৰম, আনফালে ৰমজান মাহ। তাৰ মাজতেই বিদ্যুতৰ লোড শ্বিডিং আৰু অনমীয়া বিদ্যুত যোগানৰ ফলত মানকাচৰ জিলাবাসী অতিষ্ট হৈ পৰিছে। জিলাখনত কেতিয়াবা যদি ১ ঘণ্টা লোড শ্বিডিং দিয়া হয়, কেতিয়াবা আকৌ তিনি ঘণ্টালৈ বিদ্যুত যোগান বন্ধ কৰি ৰখা হয়। ফলত জিলাবাসীয়ে ২৪ ঘণ্টাত মাত্ৰ ৫-৬ ঘণ্টা বিদ্যুতৰ যোগান পায় যদিও সেয়াও অনিয়মীয়া আৰু লো ভল্টেজ । উতকট গৰমৰ মাজত ইছলাম ধৰ্মৰ লোক সকলে ৰোজা ৰাখি ফেনৰ সুবিধা পালে কিছু পৰিমানে সকাহ লাভ কৰে যদিও জিলাখনত এয়া সম্ভব হৈ উঠা নাই। বছৰ বছৰ ধৰি জিলাবাসী এই সমস্যা ভোগ কৰি আহিছে যদিও অকমৰ্ন মানকাচৰ বিদ্যুত উপ সংমণ্ডল সমস্যা সমাধান কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। প্ৰায় প্ৰতি বছৰে জিলাখনৰ দল-সংগঠন মানকাচৰ বিদ্যুত বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে যদিও জিলাখনৰ প্ৰতি চৰকাৰেও গুৰুত্ব নিদিয়া পৰিলক্ষিত হৈছে। বিশেষকৈ মাৰ্চ মাহৰ পৰা জিলাখনত প্ৰায় ৬-৭ মাহলৈ বিদ্যুতৰ ভয়াবহ নাটনি হয়। গোৱালপাৰাৰ লক্ষীপুৰৰ পৰা চৰকাৰে জিলাখনত বিদ্যুত যোগান ধৰিছে। লক্ষীপুৰৰ পৰা মানকাচৰলৈ যিকোনো স্থানত সামান্য বৰষুণ হলেও কেতিয়াবা ২৪ ঘণ্টালৈ জিলাবাসী বিদ্যুত সেৱাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হয়। ধুমুহা হলে ৭-১৪ দিনলৈ জিলাখনত সম্পূৰ্ণৰূপে বিদ্যুত সেৱা কৰ্তন কৰি ৰখাৰো নজিৰ আছে মানকাচৰ বিদ্যুত বিভাগত।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments