Tuesday, September 17, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত পাৱাৰ টিলাৰ বিতৰণ

হাটশিঙিমাৰীত পাৱাৰ টিলাৰ বিতৰণ

২০২২-২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা যোজনাৰ অধীনত আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ৰাজ সাহায্যযুক্ত পাওৱাৰ টিলাৰ বিতৰণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে । জিলাখনত মুঠ ২০০ গৰাকী হিতাধিকাৰীক বাচনি কৰাৰ পাচত আজি ৩৫ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিক ভাবে পাৱাৰ টিলাৰ বিতৰণ কৰা হৈছে। কাইলৈৰ পৰা বাকী থকা হিতাধিকাৰী সকলক পাৱাৰ টিলাৰ সমূহ বিতৰণ কৰা হব বুলি জিলা ভাৰপ্ৰাপ্ত কৃষি বিষয়া মইনুল হকে জানিবলৈ দিছে। জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত পাৱাৰটিলাৰ বিতৰণ কৰা কাৰ্যসূচীত জিলা অতিৰিক্ত উপায়ুক্ত হিতেশ মজুমদাৰ আৰু জিলা ভাৰপ্ৰাপ্ত কৃষি বিষয়া মইনুল হক উপস্থিত আছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments