এইচ পি এলত RHECOS ৰ হাতত পৰাস্ত SF ক্ৰিকেট দল

0
43

হাটশিঙিমাৰী প্ৰিমিয়াম লীগৰ ৯ নম্বৰ খেলখন কালি সন্ধিয়া ৯.৩০ বজাত Red & White Health & Education Co-operative Society Ltd আৰু  মেঘালয়ৰ লালমাটিৰ M/S Square Feet ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হৈছে। এই খেলখনত মেঘালয়ৰ লালমাটিৰ M/S Square Feet ক্ৰিকেট দল প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ১০ অভাৰত ৭ উইকেট হেৰুৱাই মাত্ৰ ৪৯ ৰান সংগ্ৰহ কৰে। প্ৰত্তুত্তৰত Red & White Health & Education Co-operative Society Ltd ক্ৰিকেট দল মাত্ৰ ১ অভাৰ ৫ বলত ৫০ ৰান সংগ্ৰহ ৮ উইকেটত বৃহত জয়লাভ কৰে। খেলখনত Red & White Health & Education Co-operative Society Ltd দলৰ হৈ মেহেবুব আলমে  ৯ টা বল বেটিং কৰি ৭ টা ছিক্স মাৰে। তেওঁ ৯ বলত মুঠ ৪৩ ৰান সংগ্ৰহ কৰাত মেন অফ দ্যা মেচ দিয়া । আজি টুৰ্মামেণ্টৰ ১০ নম্বৰ খেলখন Game Chenger Molakhowa আৰু Sadullabari Young Start ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হৈ আছে।