মানকাচৰৰ কাকৰিপাৰাত বিএছএফৰ ছিভিক একশ্যন

0
41

মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী কাকৰিপাৰা বিএছএফ কেম্পৰ উদ্যোগত আজিও ৪৫ নং বেটেলিয়ান বিএছএফে ছিভিক একশ্যন কাৰ্যসূচীৰ জৰিয়তে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক খেল তথা অধ্যয়নৰ সামগ্ৰী বিতৰণ কৰিছে। কাকৰিপাৰা লিটন এণ্ড ৰিপন একাডেমীত সীমান্ত সুৰক্ষা বাহিনীয়ে ছিভিক একশ্যন প্ৰগ্ৰেমৰ জৰিয়তে পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীক স্কুলীয়া সামগ্ৰীৰ লগতে খেল সামগ্ৰী বিতৰণ কৰে। বিএছএফৰ এই কাৰ্যসূচীত ৪৫ নং বেটেলিয়ান বিএছএফৰ কমাণ্ডেণ্ট চন্দ্ৰ কান্ত উপাধ্যায় মুখ্য অতিথি হিচাপে উপস্থিত থাকি সামগ্ৰী সমূহ বিতৰণ কৰে।