মানকাচৰৰ সুখচৰত ৪ চোৰাং পশুধন জব্দ

0
35

কালি সন্ধিয়া প্ৰায় ৮ বজাত সুখচৰ আৰক্ষী হাতিৰচৰ বিএছএফৰ সহযোগত বাংলাদেশ সীমান্তত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষী-বিএছএফৰ এই যৌথ অভিযানত দুটা মহ আৰু দুটা গৰু জব্দ হয়। পশুধন কেইটা চোৰাং সৰবৰাহকাৰীয়ে নদী পথেৰে বাংলাদেশলৈ নি থকা অৱস্থাত আৰক্ষী আৰু বিএছএফে জব্দ কৰে। বৰ্তমান পশুধন কেইটা সুখচৰ থানাত আনি গোশালাত জমা কৰিছে বুলি জানিব পৰা গৈছে।