Tuesday, July 1, 2025
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত বিহুনৃত্যৰ আখৰা শিবিৰ মুকলি

হাটশিঙিমাৰীত বিহুনৃত্যৰ আখৰা শিবিৰ মুকলি

অসমৰ বাপতি সাহোন বিহু বিশ্বৰ দৰবাৰত তুলি ধৰাৰ বাবে অসম চৰকাৰে গ্ৰীনিচ বুকছ অফ ওৱাৰ্ল ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত কৰিবলৈ অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত ১০ হেজাৰ বিহুৱা বিহুৱতিয়ে প্ৰদৰ্শন কৰিবলগীয়া বিহু নৃত্যৰ বাবে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত  আজিৰ পৰা বিহু নৃত্য আখৰা শিবিৰ আৰম্ভ কৰা  হৈছে।  জিলাৰ সদৰ হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আখৰা শিবিৰত লক্ষীমপুৰ জিলাৰ পৰা অহা চাৰি গৰাকী মাষ্টাৰ ট্ৰেইনাৰে জিলাখনৰ বিহুৱা-বিহুৱতিক এই আখৰা কৰাই থকা পৰিলক্ষিত হৈছে। অহা ৩১ মাৰ্চ তাৰিখলৈ অনুষ্ঠিত হবলগীয়া আখৰা শিবিৰ খন আজি জিলা উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে মুকলি কৰি দিয়ে। এই আখৰা শিবিৰ মুকলি অনুষ্ঠানত জিলা উপায়ুক্তৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ফজলুৰ ৰহমান লস্কৰ,  জিলা অতিৰিক্ত উপায়ুক্ত বনি ইনাম শ্বাদ্দাব উপস্থিত আছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments