কাইলৈ ৰাজ্যজুৰি অশোকাষ্টমী । মানকাচৰত ব্যাপক প্ৰস্তুতি

0
33
প্ৰতীকী ফটো

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ আৰু মানকাচৰত অশোকাষ্টমী উলহ মালহেৰে উদযাপন কৰাৰ বাবে প্ৰস্তুতি সম্পন্ন কৰি তোলা হৈছে। হিন্দু ধৰ্মাৱলম্বীৰ লোক সকলে কাইলৈ পুৱা হাটশিঙিমাৰীৰ বেপাৰীপাৰা মেলাঘাটত স্নান কৰাৰ পাচত হাটশিঙিমাৰী অশোকাষ্টমী মেলাৰ উদ্ধোধন কৰা হব। অহা ১৫ দিনলৈ এই অশোকাষ্টমীৰ মেলা অনুষ্ঠিত হব। মানকাচৰ চহৰত থকা মেলা ঘাটতো কাইলৈ পুৱা স্নান কৰাৰ পাচত মেলা অনুষ্ঠিত হব। মেলা আয়োজক কমিটিয়ে কটকটীয়া নিৰাপত্তাৰ মাজত মেলাৰ আয়োজন কৰিবলৈ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে।