মানকাচৰত পঞ্চায়ত প্ৰতিনিধিক লৈ কাৰিকৰি বিভাগৰ কৰ্মশালা

0
33

দক্ষিণ শালমাৰা-মানকাচৰ জিলা পানী আৰু অনুমোদন কমিটিৰ উদ্যোগত আজি মানকাচৰ পাবলিক লাইব্ৰেৰীত জল জীৱন মিচন আৰু স্বচ্ছ ভাৰত মিচন গ্ৰামীন আঁচনিৰ ওপৰত  গাওঁ পঞ্চায়ত পৰ্যায়ৰ কৰ্মকৰ্তাক লৈ এদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হয়। এই কৰ্মশালাত জিলা জনস্বাস্থ্য কাৰিকৰি বিভাগৰ সম্বনয়ক নবী হুছেইনৰ লগতে বিভাগটোৰ কেবাগৰাকী বিষয়া-কৰ্মচাৰী উপস্থিত থাকি পঞ্চায়ত প্ৰতিনিধি আৰু কৰ্মকৰ্তা সকলক আঁচনি দুটা সফল ৰূপায়ন দিয়াৰ ক্ষেত্ৰত পঞ্চায়তৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে বিস্তাৰিত ভাবে আলোচনা কৰে।