Tuesday, September 17, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ কামাখ্যা মন্দিৰৰ পুখুৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ

মানকাচৰৰ কামাখ্যা মন্দিৰৰ পুখুৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ

অসম-মেঘালয় সীমান্তৱৰ্তী মানকাচৰৰ কামাখ্যা মন্দিৰৰ পুখুৰীত আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। উদ্ধাৰ হোৱা মৃতদেহটি মানকাচৰ থানা এলেকাৰ নিউমাৰ্কেটৰ তনু সেখৰ পুত্ৰ ইৰফান সেখ বুলি চিনাক্ত কৰা হৈছে। ২২ বছৰীয়া যুৱকজন যোৱা বছৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছিল। মেঘালয়ৰ আমপাতী থানা এলেকাৰ অধীনত থকা কামাখ্যা মন্দিৰৰ পুখুৰীৰ উদ্ধাৰ হোৱা মৃতদেহটি মেঘালয় আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পাচত মৰনোত্তৰ পৰীক্ষাৰ বাবে তুৰালৈ প্ৰেৰণ কৰিছে। যুৱক জনক দূস্কৃতিকাৰীয়ে হত্যা কৰি পেলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ঘটনাক লৈ মেঘালয় আৰক্ষী তদন্ত আৰম্ভ কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments