Sunday, September 8, 2024
Google search engine
গৃহUncategorizedৰমজানৰ মাজত মানকাচৰত অনিয়মীয়া বিদ্যুত যোগান

ৰমজানৰ মাজত মানকাচৰত অনিয়মীয়া বিদ্যুত যোগান

এফালে ৰমজামন মাহৰ সুযোগ লৈ মানকাচৰৰ বজাৰ সমূহত অসাধু ব্যৱসায়ীয়ে পাচলি, ফলমুল, মাছ-মাংসৰ দাম অস্বাভাৱিক ভাবে বৃদ্ধি কৰি আহিছে আনফালে জিলাখনত বিদ্যুতৰ অনিয়মীয়া যোগানে জিলাবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰমজান মাহ পৰাৰ লগে লগে জিলাখনত ২৪ ঘণ্টাৰ ভিতৰত মাত্ৰ ৪-৫ ঘণ্টা কোনোমতে বিদ্যুত যোগান দিয়াত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। প্ৰকট গৰমৰ মাজত পৰ্যাপ্ত বিদ্যুত যোগানৰ ক্ষেত্ৰত মানকাচৰ বিদ্যুত বিভাগ ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। প্ৰতি বছৰে মাৰ্চ মাহ পৰিলে বিদ্যুত বিভাগ নিয়মীয়া বিদ্যুত যোগান দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। এইবাৰো জিলাবাসীয়ে গৰমৰ মাজত পৰ্যাপ্ত বিদ্যুতৰ অভাবত হাহাকাৰত ভূগিবলগীয়া হব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments