Friday, November 15, 2024
Google search engine
গৃহস্থানীয়মোদী মোবাইল ৰিচাৰ্জ আঁচনিৰ নামত উৰা বাতৰি

মোদী মোবাইল ৰিচাৰ্জ আঁচনিৰ নামত উৰা বাতৰি

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো মোবাইল ৰিচাৰ্জৰ আঁচনিৰ নামত উৰা বাতৰি বিয়পাই থকা পৰিলক্ষিত হৈছে। মোদী চৰকাৰে বিনামূলীয়াকৈ এই ৰিচাৰ্জ আঁচনি দিয়া বুলি ভূৱা বাতৰি প্ৰচাৰ কৰি থকা পৰিলক্ষিত হৈছে। ২৩৯ টকাৰ বিনামূলীয়া ৰিচাৰ্জ দি থকা বুলি প্ৰায় প্ৰতিজনৰ মোবাইলে মোবাইলে হোৱাটছ-এপ যোগ মেছেজ দি থকা হৈছে। দুষ্টচক্ৰই মেছেজৰ জৰিয়তে লিংক প্ৰদান কৰিছে। লিংকটো ক্লিক কৰি ফৰ্মখন ফিল আপ কৰিলে আপোনাৰ মোবাইলৰ তথ্য চুৰি হোৱাৰ সম্ভাবনা থকাৰ লগতে আপোনাৰ একাউণ্টৰ পৰা ধন হৰলুকি হব পাৰে। সেয়ে এই মেছেজটো কোনেও যাতে বিশ্বাস নকৰে তাৰ বাবে এম নিউজৰ পৰা জিলাবাসীৰ লগতে ৰাজ্যবাসীলৈ আহ্বান থাকিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments