ৰমজান মাহৰ গইনালৈ মানকাচৰৰ বজাৰত বস্তুৰ দাম বৃদ্ধি

0
40

ৰমজান মাহৰ গইনা লৈ হাটশিঙিমাৰী আৰু মানকাচৰত অসাধু ব্যৱসায়ীয়ে প্ৰতিদিনে অত্যাৱশকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰি থকা পৰিলক্ষিত হৈছে। পাচলি, ফলমুল, লোকেল মাছ তথা লোকেল মুৰ্গিৰ দাম পূৰ্বৰ তুলনাত বহু পৰিমানে বৃদ্ধি কৰাত সাধাৰণ লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। ইছলাম ধৰ্মৰ লোক সকলে ৰোজা ৰখাৰ বাবে উপাহীন হৈ চৰা দামত সামগ্ৰী কিনিবলগীয়া হৈছে। আজি বজাৰত ভেণ্ডিৰ ১০০ টকা দৰত বিক্ৰী হোৱাত গ্ৰাহক সকলৰ মাজত হাহাকাৰময় পৰিবেশৰ সৃষ্টি হয়। প্ৰতিদিনে অসাধু ব্যৱসায়ীয়ে এইদৰে সামগ্ৰীৰ দাম বৃদ্ধি কৰি অহাৰ পাচতো জিলা প্ৰশাসনে কোনো বিহীত ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই। খাদ্য আৰু অসামৰিক যোগান বিভাগো বিষয়টোৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।