Wednesday, September 18, 2024
Google search engine
গৃহস্থানীয়বাল্য বিবহ ! গ্ৰেপ্তাৰ নাবালক স্বামীক এক ৰাতিৰ জে'ল

বাল্য বিবহ ! গ্ৰেপ্তাৰ নাবালক স্বামীক এক ৰাতিৰ জে’ল

মানকাচৰ আৰক্ষীয়ে বাল্য বিবাহবিৰোধী অভিযান চলাই কালি এগৰাকী নাবালক স্বামী সহ এজন কাজীক গ্ৰেপ্তাৰ কৰি দক্ষিণ শালমাৰা-মানকাচৰ জিলা আদালতত হাজিৰ কৰোৱাত আদালতে ধুবুৰী জেললৈ প্ৰেৰণ কৰে। কিন্তু কালি বিয়লিৰ ভাগত স্বামী জন নাবালক বুলি পৰিয়ালৰ লোকে জন্মৰ প্ৰমাণ পত্ৰ আদালতত দাখিল কৰাত আদালতে স্বামী জনক জেলৰ পৰা মুকলি কৰি জুৱেইনাইল জাষ্টিছ বৰ্ডত হাজিৰ কৰিবলৈ দ্বিতীয়টো নিৰ্দেশ প্ৰদান কৰে। কিন্তু ইতিমধ্যে ধুবুৰী জেললৈ নিয়া নাবালক স্বামী জনক এৰাতি জেলতে ৰখাৰ পাচত আজি পুৱাৰ ভাগত স্বামী জনক জেলৰ পৰা মুকলি কৰি দিয়াত কালাপানী আৰক্ষীয়ে স্বামী জনক ফেকামাৰী জুবেনাইল বৰ্ডত হাজিৰ কৰে। স্বামী জনৰ বসয় ১৮ বছৰৰ তলত হোৱা বাবে তেওঁক জুবেনাইল বৰ্ডে পৰিয়ালৰ হাতত চমজাই দিয়ে। জানিব পৰা মতে এক সপ্তাহ পাচত স্বামী জনৰ বসয় ১৮ বছৰ সম্পন্ন হব। তেওঁ এগৰাকী ১৪ বছৰীয়া নাবালিকাক বিয়া পাতিছে। বৰ্তমান নাবালিকা গৰাকী গৰ্ভবতী বুলিও জানিব পৰা গৈছে। মানকাচৰ আৰক্ষীয়ে বাল্য বিবাহ বিৰোধী অভিযান চলাই এগৰাকী কাজী সহ স্বামী জনক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে আটক কৰাৰ পাচত তেওৰ বসয় ১৯ বছৰ বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছিল। ফলত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালাতত হাজিৰ কৰে। আদালতে কাজী সহ স্বামী জনক জেলত প্ৰেৰণ কৰাৰ নিৰ্দেশনা প্ৰদান কৰে। কিন্তু পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে স্বামীজনৰ বসয় ১৮ বছৰৰ তলত বুলি জন্মৰ প্ৰমাণ পত্ৰ দাখিল কৰাত আদালতে তেওঁক জেলৰ পৰা মুকলি কৰি জবেনাইল বৰ্ডত নিয়াৰ নিৰ্দেশনা প্ৰদান কৰিছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments