Monday, September 16, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত বিএছএফৰ বিনামূলীয়া চিকিৎসা শিবিৰ

মানকাচৰত বিএছএফৰ বিনামূলীয়া চিকিৎসা শিবিৰ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ-বাংলাদেশ সীমান্তৰ কাকৰিপাৰা বিএছএফ কেম্প এলেকাৰ শিয়ালটাৰী গাঁৱত আজি ৪৫ নং বেটেলিয়ান বিএছএফে ছিভিত একশ্যন কাৰ্যসূচীৰ জৰিয়তে বিনামুলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰে।

উল্লেখযোগ্য যে ৪৫ নং বেটেলিয়ান বিএছএফৰ কমাণ্ডেণ্ট চন্দ্ৰ কান্ত উপাধ্যায় এই বিনামূলীয়া চিকিৎসা শিবিৰ মুকলি কৰি দিয়াৰ পাচত তিনি গৰাকী চিকিৎসকৰ দ্বাৰা গাওঁখনৰ ৫ শতাধিক লোকক স্বাস্থ্য পৰীক্ষা কৰা হয়। ইয়াৰ পাচত ৰোগী সকলৰ মাজত বিনামুলীয়াকৈ ঔষধও বিতৰন কৰা হয়। আন্তৰাষ্ট্ৰীয় সীমান্তত বসবাস কৰা লোকৰ সৈতে বিএছএফে সু-সম্পৰ্ক স্থাপন কৰি বিভিন্ন অপৰাধ দমনৰ বাবে এইদৰে সীমান্তৱৰ্তী এলেকাৰ গাঁও সমূহত ছিভিক একশ্যন কাৰ্যসূচী ৰূপায়ন কৰা হয়। ইতিমধ্যে জিলাখনৰ ছালাপাৰা, শিশুমাৰা আৰু কাকৰিপাৰাত বিএছএফে ছিভিক একশ্যন কাৰ্যসূচীৰ জৰিয়তে সীমান্তৱৰ্তী এলেকাৰ ছাত্ৰ-ছাত্ৰী তথা স্থানীয় লোকক বিভিন্ন সামগ্ৰী বিতৰণ কৰাৰ উপৰিও ছালাপাৰা, দ্বীপচৰত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰি স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে ৰোগীক ঔষধ বিতৰণ কৰা হৈছে। আজি পুনৰ কাকৰিপাৰাৰ শিয়ালটাৰী গাঁৱত এইদৰে চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments