Saturday, September 14, 2024
Google search engine
গৃহক্ৰীড়ামানকাচৰৰ ঝাউডাঙাত শিক্ষাৰ্থীৰ ফুটবল প্ৰতিযোগিতা

মানকাচৰৰ ঝাউডাঙাত শিক্ষাৰ্থীৰ ফুটবল প্ৰতিযোগিতা

বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী এলেকাত সংঘটিত হোৱা বিভিন্ন অপৰাধ দমৰ উদ্দেশ্যে বিএছএফে ছিভিক একশ্যন প্ৰগ্ৰেমৰ জৰিয়তে সীমান্তৱৰ্তী গাঁওত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি আহিছে । ছিভিক একশ্যন কাৰ্যসূচীৰ দ্বাৰা সীমান্তৱৰ্তী এলেকাত বসবাস কৰা লোকৰ সৈতে সু-সম্পৰ্ক স্থাপন কৰি যৌথ ভাবে অপৰাধ নিৰ্মূলৰ প্ৰচেষ্টা চলাই গৈছে সীমান্ত সুৰক্ষা বাহিনীয়ে। আজি মানকাচৰ-বাংলাদেশ সীমান্তৰ ঝাউডাঙা হাইস্কুল খেলপথাৰত ঝালোৰচৰ বিএছএফ কেম্পৰ উদ্যোগত ৪৫ নং বেটেলিয়ান বিএছএফে ছিভিক একশ্যন প্ৰগ্ৰেমৰ অংশ হিচাপে স্কুলীয়া শিক্ষাৰ্থীৰ মাজত ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰে। এই প্ৰতিযোগিতাৰ শুভ উদ্ধোধন কৰে ৪৫ নং বেটেলিয়ান বিএছএফৰ কমাণ্ডেণ্ট চন্দ্ৰ কান্ত উপাধ্যায় । সীমান্তৱৰ্তী এলেকাত থকা কাকৰিপাৰা বুনিয়াদী স্কুল, কোকৰাডাঙা হাই স্কুল, কদমতলি হাই স্কুল আৰু মানকাচৰ হাই স্কুলৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত হয়। চাৰিখনকৈ হাই স্কুলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাচত মানকাচৰ হাইস্কুল আৰু কোকৰাডাঙা হাই স্কুলৰ মাজত চুড়ান্ত খেল অনুষ্ঠিত হয়। এই চুড়ান্ত খেলখনত মানকাচৰ হাইস্কুল ৫-৩ গ’লৰ ব্যৱধানত জয়ী হয়। বিএছএফৰ কমাণ্ডেণ্ট জনে সম্পূৰ্ণ প্ৰতিযোগিতা উপভোগ কৰে। চুড়ান্ত বিজয়ী দলক কমাণ্ডেণ্ট জনে বটা প্ৰদান কৰে। একেদৰে প্ৰতিযোগিতাত অংশগ্ৰহন কৰা স্কুল কেইখনৰ খেলুৱৈ শিক্ষাৰ্থী কেইজনকো বিভিন্ন খেল সামগ্ৰী, জাৰ্চি আদি বিতৰণ কৰা হয়।

    ইফালে মানকাচৰৰ কাকৰিপাৰা বিএছএফ কেম্পৰ উদ্যোগত সীমান্তৱৰ্তী শিয়ালটাৰী গাঁৱত ৪৫ নং বেটেলিয়ান বিএছএফে এক বিনামূলীয়া চিকিতসা শিবিৰৰ আয়োজন কৰে। পুৱা কমাণ্ডেণ্ট চন্দ্ৰ কান্ত উপাধ্যায় চিকিতসা শিবিৰ কাৰ্যাসূচীৰ শুভ উদ্ধোধন কৰাৰ পাচত চাৰি গৰাকী চিকিতসকে ৫ শতাধিক লোকক স্বাস্থ্য পৰীক্ষা কৰি ৰোগী সকলৰ মাজত ঔষধ বিতৰণ কৰিছে বুলি ৪৫ নং বেটেলিয়ান বিএছএফৰ কমাণ্ডেণ্ট চন্দ্ৰ কান্ত উপাধ্যায় জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments