দক্ষিণ শালমাৰাত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন

0
53

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানা এলেকাৰ অধীনস্থ মনিৰচৰ বৈদেৰ গাঁৱত আৰক্ষীয়ে কালি সন্ধিয়া এক অভিযান চলাই ১২ গ্ৰাম হিৰোইন আৰু ২০০ টা নিচাযুক্ত টেবলেট সহ এটা ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে এক গোপন সুত্ৰৰ ভিত্তীত দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুপৰ্ণ বনিয়া মনিৰচৰৰ বৈদেৰ গাঁৱত অভিযান চলায়। কালি সন্ধিয়া প্ৰায় ৬ বজাত আনোৱাৰ হুছেইন নামৰ ড্ৰাগছ ব্যৱসায়ীটোৰ ঘৰত আৰক্ষীয়ো চলোৱা অভিযানত চাবোনৰ বাকচত ১২ গ্ৰাম হিৰোইন, ২০০ টা যুবা নামৰ নিচাযুক্ত টেবলেট উদ্ধাৰ হয়। ফলত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীটো আনোৱাৰক আটক কৰে যদিও সুযোগ বুজি পাৰমিনা খাতুন নামৰ মহিলা জনী ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পাৰমিনা খাতুন ড্ৰাগছ ব্যৱসায়ী আনোৱাৰৰ পত্নী। দুয়ো একেলগে ড্ৰাগছৰ ব্যৱসায় কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। আৰক্ষীয়ে ইতিমধ্যে ড্ৰাগছ ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰি ধুবুৰী আদালতলৈ প্ৰেৰণ কৰিছে। দীৰ্ঘ দিনৰ পৰা চৰ এলেকাত ড্ৰাগছ ব্যৱসায়ীটো ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। যোৱা সপ্তাহতো আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এটা ড্ৰাগছ ব্যৱসায়ী আৰু দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।