Sunday, October 12, 2025
Google search engine
গৃহস্থানীয়জুবিন গাৰ্গৰ ন্যায় বিচাৰি হাটছিঙিমাৰীত জিলা কংগ্ৰেছৰ মমশিখা সমদল।

জুবিন গাৰ্গৰ ন্যায় বিচাৰি হাটছিঙিমাৰীত জিলা কংগ্ৰেছৰ মমশিখা সমদল।

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ অসমীয়াৰ হিয়াৰ আমঠু  জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজ্যজুৰি সামাজিক মাধ্যমত Justice For Zubeen হেজটেক (#)  প্ৰতিবাদ অব্যাহত আছে।  দেওবাৰে সন্ধিয়া দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছৰ পৰা হাটছিঙিমাৰীত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি এক বিশাল মমশিখা সমদল উলিওৱা হয়। প্ৰাণৰ শিল্পী গৰাকীৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি হাটশিঙিমাৰী ৰাজীৱ ভৱনৰ পৰা ৫ শতাধিক কংগ্ৰেছ কৰ্মীৰ লগতে জুবিন অনুৰাগীয়ে হাতে হাতে কেণ্ডেল লৈ মমশিখা সমদলত অংশগ্ৰহন কৰে৷ 

জুবিন দা অমৰ হওক, জুবিনৰ দাৰ মৃত্যুৰ তদন্ত কৰক, জুবিনদাক ন্যায় দিয়ক,  সীদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক ফাচী দিয়ক,  বিচৰা প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে কৰক আদি শ্লোগানেৰে জিলাৰ সদৰ হাটছিঙিমাৰীৰ আকাশ-বতাহ কপাই তোলে কংগ্ৰেছ কৰ্মী আৰু জুবিন অনুৰাগীয়ে।

লক্ষণীয় যে, জিলা কংগ্ৰেছৰ এই মমশিখা সমদলৰ পূৰ্বে ৰাজীৱ ভৱনৰ সম্মুখত হিয়াৰ হাৰ্টথ্ৰুৱ আমঠু জুবিন গাৰ্গৰ প্ৰতিছবিত মাল্যাৰ্পন কৰি পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে কংগ্ৰেছ কৰ্মী সকলে। এই কাৰ্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি তথা মানকাচৰৰ প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক মহিবুৰ ৰহমান, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ কৰ্মী সকল উপস্থিত থাকে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments