জিলাখনৰ ৪৪৯ গৰাকী অংগনবাদী কৰ্মীক মোবাইল বিতৰণ ।
ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ মহিলা-শিশু তথা প্ৰসূতিৰ উন্নয়ন আৰু কল্যাণৰ বাবে যোৱা এমাহ পূৰ্বে আৰম্ভ হৈছিল অষ্টম ৰাষ্ট্ৰীয় পোষণ মাহ। দক্ষিণ শালমাৰা- মানকাচৰ জিলাৰ ৪৪৯ খনকৈ অংগনবাদী কেন্দ্ৰত মাহজুৰি পোষণ মাহ পালন কৰা হয়। যোৱা বৃহস্পিবাৰে পোষণ মাহৰ সামৰণি অনুষ্ঠান হাটশিঙিমাৰী জিলা প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হয়। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, প্ৰাক্তন বিধায়ক জাবেদ ইছলাম, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰা, জিলা পৰিষদ সভানেত্ৰী তানজিনা খান, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সঞ্জয় কুমাৰ চৌধুৰী আৰু ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যান বিষয়া নন্দিতা চহৰীয়াৰ উপস্থিতত বিভিন্ন কাৰ্যসূচীৰে অষ্টম ৰাষ্ট্ৰীয় পোষণ মাহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই পোষণ মাহ সামৰণি অনুষ্ঠানত কেবাগৰাকী প্ৰসূতি মাতৃ আৰু শিশুক জিলা আয়ুক্ত আৰু প্ৰাক্তন বিধায়ক গৰাকীয়ে সুষম আহাৰ খোৱাই দিয়ে। একেদৰে মাহজোৰা কাৰ্য্যসূচীৰ অন্তত সামৰণি অনুষ্ঠান উপলক্ষে সুষম আহাৰৰ প্ৰদৰ্শনী মেলা অনুষ্ঠিত কৰা হয়। আনহাতে জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত জিলা খনৰ ৪৪৯ গৰাকী অংগনবাদী কৰ্মীক ৪৪৯ টা স্মাৰ্ট ফোন চৰকাৰী ভাৱে বিতৰণ কৰা হয়।