Sunday, October 12, 2025
Google search engine
গৃহস্থানীয়মানকাচৰত একেদিনাই প্ৰায় ৫২ হেজাৰ শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদান

মানকাচৰত একেদিনাই প্ৰায় ৫২ হেজাৰ শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদান

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ ৰাজ্যৰ ২৬ খন জিলাত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপৰাষ্ট্ৰীয় টিকাকৰণ দিৱস উদযাপন কাৰ্যসূচী আৰম্ভ হৈছে। ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো ৮০ হেজাৰ  শিশু হিতাধিকাৰীক আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পলিঅ’ প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী হাতত লোৱা হৈছে।

দেওবাৰে প্ৰথম দিনা ৩২৮ টাকৈ স্থানত ১০৭৮ গৰাকী স্বাস্থ্য কৰ্মীয়ে ৫১৭২৮ গৰাকী ৫ বছৰ  বয়সৰ তলৰ শিশুকক এই পলিঅ’ প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হয়। আজি পুৱা প্ৰায় ৯ বজাত মানকাচৰৰ গজাৰিকান্দি খণ্ড প্ৰথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰেক্ষাগৃত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা এই উপৰাষ্ট্ৰীয় টিকাকৰণ দিৱস কাৰ্যসূচী মুকলি কৰে।

আয়ুক্তগৰাকীয়ে এটি শিশুক দুটোপাল পলিঅ’ প্ৰতিষেধক প্ৰদান কৰি কাৰ্যসূচী উদ্ধোধন কৰে।  এই কাৰ্য্যসূচীত জিলা টিকাকৰণ বিষয়া ডাঃ ছিৰাজুল ইছলাম, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সঞ্জয় চৌধুৰী সহ বহু কেইগৰাকী স্বাস্থ্য কৰ্মী উপস্থিত আছিল।

আজি প্ৰথম দিনা জিলাখনত স্বাস্থ্য বিভাগে ৬৪.৪৯ শতাংশ শিশুক এই প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হৈছে। ১৩ আৰু ১৪ অক্টোবৰত একেখিনি স্বাস্থ্যকৰ্মীয়ে বাদপৰা শিশুক ঘৰে ঘৰে গৈ পলিঅ’ প্ৰতিষেধক প্ৰদান কৰিব বুলি জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা আৰু জিলা টিকাকৰণ বিষয়া ডাঃ ছিৰাজুল ইছলামে জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments