ডিজিটেল ডেক্স, মানকাচৰঃ ২৬ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সমান্তৰালভাৱে ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে ৰাজনৈতিক দল আৰু নেতাৰ মাজত বৃদ্ধি পাইছে তৎপৰতা । শুক্ৰবাৰে সন্ধিয়া এআইইউডিএফৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা কমিটিয়ে হাটশিঙিমাৰীস্থিত এআইইউডিএফ কাৰ্যলয় চৌহদত এক জিলাভিত্তিক কৰ্মীসভা অনুষ্ঠিত কৰে। বিধায়ক আমিনুল ইছলামৰ উপস্থিতিত এআইইউডিএফে অনুষ্ঠিত কৰা কৰ্মীসভাৰ জৰিয়তে মানকাচৰ সমষ্টিত আগন্তক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰে । বিগত দিনত বিধায়ক গৰাকী ৰাইজ আৰু সমষ্টিৰ বাবে কি কি কৰিলে আৰু কি কি কৰিব নোৱাৰিলে তাৰ ক্ষতিয়ান কৰ্মী সকলৰ মাজত দাঙি ধৰি নিৰ্বাচনৰ বাবে সকলোৱে সাজু হ’বলৈ জিলা কমিটিক আহ্বান জনায়। দলৰ মুৰব্বী বদৰুদ্দিন আজমল পুনৰ বিধানসভাৰ নিৰ্বাচনলৈ উভতি অহাটো দলীয় নেতা-কৰ্মীয়ে বিচাৰিছে । বৰ্তমানলৈকে আজমল এই বিষয়টোক লৈ কোনো স্পষ্ট মতামত প্ৰকাশ নকৰিলেও আজমলৰ বাবে মানকাচৰ সমষ্টি এৰিবলৈ সাঁজু বিধায়ক আমিনুল ইছলাম। লক্ষণীয় যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলা কমিটিৰ সাংগঠনিক সম্পাদক হাবিবুল ইছলাম হিটলাৰক জিলা প্ৰশাসনিক সাধাৰণ সম্পাদকৰ পদত পদোন্নতি কৰা হৈছে। একেদৰে দীৰ্ঘদিনে খালী হৈ থকা দলটোৰ জিলা যুৱ মৰ্চাৰ সভাপতি হিচাপে আব্দুল মোকছেদ আহমেদ আৰু সাধাৰণ সম্পাদক হিচাপে লুতফৰ ৰহমানক নতুনকৈ নিযুক্তি দিয়া হয়। আনহাতে ফেকামাৰী আৰু মানকাচৰ ব্ল’ক কমিটিৰ সভাপতি আৰু উপসভাপতিও এই কৰ্মীসভাৰ জৰিয়তে বিধায়ক আমিনুল ইছলাম নিযুক্তি দিয়া বুলি কৰ্মী সভাত বিধায়ক আমিনুল ইছলামে ঘোষণা কৰে।

লক্ষণীয় যে, লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমল ৰকিবুল হুছেইনৰ হাতত শোচনীয় ভাৱে পৰাস্ত হোৱাৰ পাচৰে পৰা বিধায়ক আমিনুল ইছলাম এআইইউডিএফ ত্যাগ কৰি কংগ্ৰেছলৈ যোৱাৰ কথা সমষ্টিত বিভিন্ন প্ৰান্তত চৰ্চিত হৈ আহিছে। আনহাতে শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনত পত্নী মেৰিনা খান নিজৰ জন্মস্থান কালাপানী জিলা পৰিষদ এলেকাত পৰাস্ত হোৱাৰ পাচত তেওঁ কংগ্ৰেছত যোগদান কৰাৰ বাবে ইতিমধ্যে কংগ্ৰেছৰ উচ্চ পদস্ত বিষয়াৰ সৈতে যোগাযোগ ৰাখিছে বুলি খবৰ ওলাইছে। অহা বিধানসভা নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ পৰা টিকট বিচাৰিব নেকি আমাৰ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয়, মোক লৈ বিভিন্ন জনে বিভিন্ন কথা ওলাছে, কিন্তু মই যত আছিলো তাতে আছে। অৱশ্য কংগ্ৰেছত সচাকৈ যোগদান কৰিব নে নাই বা কংগ্ৰেছৰ পৰা টিকট দাবী কৰিব নেকি তাৰ কোনো স্পষ্ট উত্তৰ বিধায়ক আমিনুল ইছলামে প্ৰকাশ নকৰিলে। ইফালে দক্ষিণ শালমাৰা সমষ্টিৰ পৰা দল আৰু ৰাজনীতি আৰম্ভ কৰা দলৰ মুৰব্বী বদৰুদ্দিন আজমল সচাকৈ দিল্লীৰ ৰাজনীতি এৰি পুনৰ বিধানসভাৰ ৰাজনীতিলৈ উভতিব নেকি তাকে লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। আজমল পুনৰ বিধানসভাৰ ৰাজনীতিলৈ উভতি আহিলে কোনটো সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব পাৰে তাৰো সঠিক উত্তৰ বিধায়ক গৰাকীয়ে সাংবাদিকক নিদি কয়, আজমল বিচাৰিলে মোৰ মানকাচৰ সমষ্টি এৰি দিবলৈ মই সম্পূৰ্ণৰূপে সাজু হৈ আছো। তদুপৰি এইবাৰ বিধানসভাৰ নিৰ্বাচনত ৰাজ্যৰ ৩২-৩৫ খন সমষ্টিত এআইইউডিএফে প্ৰৰ্থীত্ব প্ৰদান কৰিব বুলি বিধায়ক আমিনুল ইছলামে জানিবলৈ দিয়ে।