Monday, October 13, 2025
Google search engine
গৃহস্থানীয়কাইলৈ মানকাচৰৰ ৮০ হেজাৰ শিশুক দিয়া হ'ব পলিঅ' ভেকছিন

কাইলৈ মানকাচৰৰ ৮০ হেজাৰ শিশুক দিয়া হ’ব পলিঅ’ ভেকছিন

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত হাটশিঙিমাৰী জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা এক বিশেষ সংবাদমেল অনুষ্ঠিত কৰে। কাইলৈৰ পৰা তিনিদিনীয়াকৈ জিলাখনৰ ৩২২ টাকৈ স্থানত জিলা স্বাস্থ্য বিভাগে প্ৰায় ৮০ হেজাৰ শিশুক পলিঅ’ৰ টিকাকৰণ কৰিব। মুঠ ১০৭৮ গৰাকী স্বাস্থ্য কৰ্মীয়ে ১২ অক্টোবৰৰ দিনা ৩২২ টা স্থানত ৫ বছৰ বয়সৰ তলৰ শিশুক পলিঅ’ টিকাকৰণ কৰাৰ পাচত ১৩ আৰু ১৪ অক্টোবৰত ঘৰে ঘৰে গৈ টিকাকৰণ কৰাৰ প্ৰস্তুতি হাতত লৈছে। জিলাখনৰ ৫ বছৰ বসয়ৰ তলৰ সকলো শিশুক পলিঅ’ টিকাকৰণ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে সংবাদমেলযোগে জিলাবাসী অভিভাৱক সকলক আহ্বান জনাইছে। জিলাখনত এইবেলি ১০০ শতাংশ শিশুক পলিঅ’ টিকাকৰণৰ বাবে জিলা প্ৰশাসনৰ সহযোগত স্বাস্থ্য বিভাগে প্ৰস্তুতি হাতত লৈছে। যোৱা বেলি জিলাখনত ৯৯ শতাংশ শিশুক পলিঅ’ টিকাকৰণ কৰাত সক্ষম হৈছিল জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে । লক্ষণীয় যে, ২০১৪ চনৰ ২৭ মাৰ্চত ভাৰতবৰ্ষ পলিঅ’ মুক্ত দেশ হিচাপে স্বীকৃতি লাভ কৰিলেও চুবুৰীয়া আফগানিস্থান আৰু পাকিস্তানলৈ একাংশ লোকৰ অহা-যোৱাৰ ফলত দেশখন এতিয়াও পলিঅ’ৰ সম্ভাৱনা আছে। কোনো শিশু মাৰাত্মক পলিঅ’ আক্ৰান্ত হ’লে ভেকছিনৰ দ্বাৰা প্ৰতিৰোধ কৰাৰ বাহিৰে অন্য কোনো চিকিৎসা নথকাত চৰকাৰে দেশজুৰি পলিঅ’ টিকাকৰণৰ ব্যৱস্থা কৰিছে। অসমৰ মুঠ ২৮ খনকৈ জিলাত কাইলৈৰ পৰা তিনিদিনীয়াকৈ পলিঅ’ টিকাকৰণ কৰা হব বুলি জিলা জিলা অতিৰিক্ত মুখ্য চিকিতসা আৰু স্বাস্থ্য আৰু টীকাকৰণ বিষয়া ডাঃ ছিৰাজুল ইছলামে জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments