Tuesday, October 14, 2025
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৯১ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন

হাটশিঙিমাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৯১ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছে আজি হাটশিঙিমাৰীৰ মহামায়ানগৰস্থিত ৰাজীৱ ভৱনত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৯১ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰে। জিলা কংগ্ৰেছৰ সভাপতি তথা মানকাচৰৰ প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলৰ উপস্থিতিত কংগ্ৰেছ কৰ্মী সকলে প্ৰায়ত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ জন্ম বাৰ্ষিকী উদযাপন কৰে। জন্ম বাৰ্ষিকী উপলক্ষে তৰুণ গগৈৰ প্ৰতিছবিত মাল্যাৰ্পন কৰাৰ লগতে ধূপ-ধুনা জ্বলাই পুষ্পাঞ্জলি নিবেদন কৰা হয়। এই কাৰ্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি গৰাকীৰ উপৰিও পুত্ৰ মহিবুৰ ৰহমান মণ্ডল আৰু বিভিন্ন পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী সকল উপস্থিত থাকি তৰুণ গগৈৰ প্ৰতিছবিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা নিবেদন কৰে।

অসম উন্নয়নৰ বাবে প্ৰায়ত প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বাবে কৰা উন্নয়নমূলক কামসমূহ কংগ্ৰেছ কৰ্মী সকলে সুঁৱৰে। অগপ শাসনকাল সমাপ্ত হোৱাৰ পাচত ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা শোচনীয় হৈছিল। তৰুণ গগৈয়ে ১৫ বছৰীয়া শাসনকালৰ জৰিয়তে ৰাজ্যখনত লাহে লাহে আগুৱাই নিছিল। তৰুণ গগৈৰ প্ৰতিটো কাৰ্যকলাপ জিলা কংগ্ৰেছ কৰ্মী সকলে সুঁৱৰি কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হিংস্ৰ আৰু অত্যাচাৰী শাসন ওফৰাই পেলাবলৈ তৰুণ গগৈৰ আদৰ্শৰ বাটেৰে কংগ্ৰেছ কৰ্মী সকলে আগুৱাই যোৱাৰ সংকল্প লোৱা বুলি দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছৰ সভাপতিৰ ডাঃ মতিউৰ ৰহমান মণ্ডলৰ পুত্ৰ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক মহিবুৰ ৰহমান বাপ্পিয়ে মতামত প্ৰকাশ কৰে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments