Tuesday, October 14, 2025
Google search engine
গৃহস্থানীয়মানকাচৰত কৃষক পিতৃৰ কন্যাই পালে আৰক্ষী কনিষ্টবলৰ চাকৰি

মানকাচৰত কৃষক পিতৃৰ কন্যাই পালে আৰক্ষী কনিষ্টবলৰ চাকৰি

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ দৰিদ্ৰতাই যে সফলতাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে, তাৰে নিদৰ্শন দাঙি ধৰিছে মানকাচৰৰ এগৰাকী যুৱতীয়ে ।মানকাচৰৰ ফুলেৰচৰ তৃতীয় খণ্ড গাঁৱৰ অতিকৈ দৰিদ্ৰ কৃষক অমুৰ হক প্ৰধানীৰ জীয়েক মামুনি বেগম আজি অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হৈ ইউবি কনিষ্টবলত নিযুক্তি লাভ কৰিছে।

মোবাইলত ইউটিউব চাই ২০২২ চনত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ বিজ্ঞাপন লাভ কৰি মামুনিয়ে মোবাইলতে ইউবি কনিষ্টবল চাকৰিৰ বাবে কৰিছিল আবেদন । নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে প্ৰতিদিনে নিজে অধ্যয়ন কৰা হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত পুৱা-গধুলি দৌৰৰ আখৰা চলাইছিল, নিজকে চাকৰিৰ বাবে যোগ্য কৰি তুলিবলৈ প্ৰতিদিনে নিজকে সাজু কৰিছিল মামুনি।

মুছলামপ্ৰধান মানকাচৰ এলেকাত এগৰাকী যুৱতী হৈ এইদৰে পুৱা-গধুলী খেলপতাৰত শৰীৰ চৰ্চা, ব্যাম, দৌৰৰ আখৰা চলোৱাৰ বাবে একাংশই সমালোচনাও কৰিছিল মামুনিক । কিন্তু চাকৰি পোৱাৰ লক্ষ্য স্থিৰ কৰি যুৱতী গৰাকীয়ে অন্য লোকৰ কথাত কান নিদি নিজৰ আখৰা আৰু প্ৰস্তুতি চলাইছিল প্ৰতিদিনে।

অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ প্ৰতিটো পৰ্যায়তে উত্তীৰ্ণ হৈ অৱশেষত আজি যুৱতী গৰাকীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। মামুনি বেগম হাটশিঙিমাৰী মহাবিদ্যালয়ৰ পৰা কিছুদিন পূৰ্বে বিএছচি ফাইনেল পৰীক্ষাতো উত্তীৰ্ণ হৈছে।

দৰিদ্ৰ পৰিয়ালৰ জীয়েক তথা যুৱতীগৰাকীৰ এই সফলতাৰ বাবে অঞ্চলবাসী উৎফল্লিত হৈছে। সম্পূৰ্ণ সচ্চ আৰু নিকা পদ্ধতিৰে এক টকাও খৰচ নকৰাকৈ মামুনিয়ে বৃহৎ সফলতা লাভ কৰাত পৰিয়ালৰ মাজত এতিয়া আনন্দৰ বন্যা হৈছে।

কষ্ট কৰিলে যে সফলতা নিজে নিজে ওচৰ চাপি আহে তাৰে নিদৰ্শন দাঙি ধৰিছে এইগৰাকী মামুনি বেগমে। অহা ২৫ অক্টোবৰত গুৱাহাটীত নিযুক্তিপত্ৰ গ্ৰহন কৰিবলৈ সাজু হৈছে মামুনি বেগম ।

চাকৰি লাভ কৰি নিজৰ গাঁৱৰ দৰিদ্ৰ পৰিয়ালক সহায় কৰাৰ আশা মনত পুহি ৰাখিছে তেওঁ । মামুনিৰ এই সফলতাত আমাৰ ফালৰ পৰাও থাকিল শুভেচ্ছা। 

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments