Tuesday, October 14, 2025
Google search engine
গৃহস্থানীয়মানকাচৰ-বাংলাদেশ সীমান্তত বৰলুইতৰ পাৰত ভয়ংকৰ খহনীয়া

মানকাচৰ-বাংলাদেশ সীমান্তত বৰলুইতৰ পাৰত ভয়ংকৰ খহনীয়া

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ সমান্তৰাল ভাৱে মানকাচৰৰ বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰৰ পাৰত আৰম্ভ হৈছে খহনীয়া । বিশেষকৈ বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী কোকৰাডাঙা এলেকাত খহনীয়া কালৰূপ ধাৰণ কৰিছে। প্ৰায় ৭-৮ লাখ টকা খৰচ কৰি চৰকাৰী ভাৱে কোকৰাডাঙাত নিৰ্মাণ কৰা অমৃত সৰোৱাৰৰ এটা পুখুৰীৰ পকী ঘৰ চকুৰ সম্মুখত ব্ৰহ্মপুত্ৰৰ বুকুত যাহ যোৱাৰ পাচত স্থানীয় ৰাইজে খহনীয়া প্ৰতিৰোধৰ দাবী তোলে। লগে লগে জিলা প্ৰশাসনৰ পৰা অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰব দাস ঘটনাস্থলীত উপস্থিত হৈ জলসম্পদ বিভাগক খহনীয়াৰ অস্থায়ী প্ৰতিৰোধৰ বাবে নিৰ্দেশনা প্ৰদান কৰে। ইতিমধ্যে জলসম্পদ বিভাগে জি’অ বেগ আৰু চিমেণ্টৰ স্পাৰেৰে খহনীয়াৰ অস্থায়ী প্ৰতিৰোধৰ বাবে কিছু কাম কৰিছে যদিও মাত্ৰ এদিন কাম কৰিয়ে জলসম্পদ বিভাগে দায়িত্ব সামৰা পৰিলক্ষিত হৈছে।

    যিখিনি স্থানত কাম কৰা হৈছে তাত কিছু পৰিমানে খহনীয়া বন্ধ হ’লেও তাৰ পৰা প্ৰায় ৫ মিটাৰ নিলগত বৃহত এলেকা আজি পুনৰ বৰলুইতে খহাই নিয়ে। একেদৰে চৰকাৰী পুখুৰী খনৰ উত্তৰ পাৰে অৰ্থাত পুৰাণ সুখচৰৰ ফালে কৃষি ভূমিত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে বৃহত সংখ্যক কৃষি ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈ সীমান্ত সংযোগী আইবিবি পথৰ কাষ চাপিছে ব্ৰহ্মপুত্ৰ।

    খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে চৰকাৰ, জিলা প্ৰশাসনে গুৰুত্ব নিদিলে কম সময়ৰ ভিতৰত আন্তৰাষ্ট্ৰীয় সীমান্ত সংযোগী আইবিবি পথটো বৰলুইতৰ খহনীয়াৰ কবলত পৰিব। বৰ্তমান বৰলুইতৰ পৰা প্ৰায় ৫০ মিটাৰ নিলগত আছে সীমান্ত সংযোগী আইবিবি পথ। ইফালে কোকৰাডাঙাৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগত পশ্চিম ফালে আছে কাইটীয়া তাঁৰৰ বেৰ থকা ভাৰত-বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্ত। আইবিবি পথটো বৰলুইতৰ বুকুত জাহ গ’লে আন্তৰাষ্ট্ৰীয় সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ প্ৰতিও চৰম ভাবুকি আহিব। ফলত মানকাচৰত বৃদ্ধি পাব চোৰাং কাৰবাৰ। দেশৰ নিৰাপত্তাৰ প্ৰতিও আহিব ভাবুকি। বিষয়টোক লৈ সীমান্তৱৰ্তী এলেকাৰ সাধাৰণ লোক শংকাত ভূগিছে। কিয়নো প্ৰায় ৩০ বছৰ পূৰ্বে সীমান্তত যেতিয়া কাইটীয়া তাঁৰৰ বেৰ নাছিল সেই সময়ত বাংলাদেশী দুস্কৃতিকাৰী, চোৰ আৰু ডকাইত নিশা মানকাচৰৰ বিভিন্ন এলেকাত প্ৰৱেশ কৰি লুটপাট, অত্যাচাৰ চলাই নিশাৰ ভিতৰতে বাংলাদেশলৈ উভতি যাবলৈ সক্ষম হৈছিল। সীমান্তত কাইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ কৰাৰ পাচত বিএছএফে সীমান্তত কটকটীয়া নিৰাপত্তা দিয়ে। কিন্তু সীমান্ত উন্মক্ত হৈ পৰিলে পুনৰ ৩০ বছৰ পূৰ্বৰ ঘটনাবোৰ পুনৰ আৰম্ভ হ’ব বুলি মানকাচৰ জিলাবাসী ৰাইজে শংকিত হৈ আছে।

    দেশৰ নিৰাপত্তাৰ স্বাৰ্থত অসম তথা ভাৰত চৰকাৰে মানকাচৰ-বাংলাদেশ সীমান্তৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী তুলিছে স্থানীয় ৰাইজে। লক্ষণীয় যে, বাৰিষা আহিলে যেতিয়া খহনীয়া আৰম্ভ হয় তেতিয়াহে জিলা প্ৰশাসন সীমান্তৰ খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ জৰিয়তে কিছু অস্থায়ী কাম কৰে যদিও বাৰিষাৰ পাছত স্থায়ী প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় লোকে। তদুপৰি ইতিমধ্যে চৰকাৰে ভাৱে আৱণ্টন হোৱা কোটি কোটি টকাৰ খহনীয়া প্ৰতিৰোধৰ কাম দায়িত্ব লাভ কৰা বিভাগীয় ঠিকাদাৰে সঠিক ভাৱে কাম নকৰাৰ ফলত খহনীয়া কোনো পদ্দেই নিয়ন্ত্ৰণলৈ অহা নাই বুলি স্থানীয় কোকৰাডাঙা এলেকাৰ ৰাইজে অভিযোগ তুলি ইতিমধ্যে কাম কৰা ঠিকাদাৰৰ বিৰুদ্ধে তদন্তৰ দাবী তুলিছে স্থানীয় ৰাইজে। 

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments