ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ হাৰিয়ানৰ গোৰগাঁও ছেক্টৰ ১০ আৰক্ষী থানাত অসমৰ ৮৪ গৰাকীকৈ শ্ৰমিকক আটক কৰি বৰ্তমানে জেৰা চলাই আছে। আটক কৰা শ্ৰমিক কেইজনৰ ভিতৰত ৪১ জন মানকাচৰৰ আৰু বাকী কেইজন বৰপেটাৰ লগতে ৰাজ্য ভিন্ন জিলাৰ । শ্ৰমিক কেইজনে দিনহাজিৰা কৰিবলৈ হাৰিয়ানাত যোৱাৰ পাচত আৰক্ষীয়ে বাংলাদেশীৰ সন্দেহত আটক কৰিছে। মানকাচৰৰ বিধায়ক আমিনুল ইছলাম এই দাবী কৰি আজি সাংবাদিক সৈতে হোৱা মত বিনিময় কয় যে, ইতিমধ্যে তেওঁ বিষয়টো লৈ হাটশিঙিমাৰী জিলা আৰক্ষীৰ জ্যেষ্ঠ অধীক্ষক হৰেন টকবী, অসম চৰকাৰৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যোগাযোগ চলাই আছে। অসমৰ পৰা বহিঃ ৰাজ্যত দিন হাজিৰা কৰিবলৈ যোৱা শ্ৰমিকক এইদৰে আটক কৰা ঘটনাটো গৰিহনা প্ৰকাশ কৰি বিধায়ক গৰাকীয়ে শ্ৰমিক কেইজনক অসমলৈ উভতাই অনাৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনাইছে। এফালে উচ্ছেদৰ নামত চৰকাৰে ভাৰতীয় নাগৰিকক সন্দেহযুক্ত বাংলাদেশী বুলি অমানবিক উচ্ছেদ চলাই শ শ লোকক আশ্ৰয়হীন কৰিছে আনফালে এইদৰে দিন হাজিৰা কৰি পৰিয়ালক পোহপাল দিয়াৰ বাবে বহিঃ ৰাজ্যত শ্ৰমিক হিচাপে কাম কৰিবলৈ যোৱা লোকক আটক কৰি গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া চলাই নিয়া বুলি বিধায়ক গৰাকীয়ে দাবী কৰে। মানকাচৰৰ বিশেষকৈ কুছনিমাৰা, পুৰাণদিয়াৰ, ঝাউডাঙা, সাতডুবি, টুমনি, দক্ষিণ শালমাৰা এলেকাৰ পৰা ৪১ গৰাকী লোক শ্ৰমিক হিচাপে দিন হাজিৰা কৰিবলৈ হাৰিয়ানালৈ গৈছিল বুলি বিধায়ক গৰাকীয়ে জানিবলৈ দিছে।
লক্ষণীয় যে, বিষয়টো আৰক্ষীৰ ফালৰ পৰা সাংবাদিকক এতিয়ালৈ কোনো তথ্য সদৰি কৰা নাই। বিগত কেবামাহ পূৰ্বে বাংলাদেশীত সেখ হাছিনা গাদীচ্যুত হোৱাৰ পাচত বাংলাদেশৰ পৰা বহু লোক শ্ৰমিক হিচাপে কাম কৰিবলৈ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে হাৰিয়ানালৈ আহিছে। এনে বহু কেইগৰাকী অবৈধ বাংলাদেশী নাগৰকিক আৰক্ষীয়ে ইতিমধ্যে আটক কৰি তেওঁলোকক স্বদেশলৈ উভতাই পঠোৱাৰ ব্যৱস্থাও কৰা হৈছে। তেনে পৰিপ্ৰেক্ষিতত অসমৰ পৰা যোৱা বাংলাভাষী লোকক বিদেশী বুলি সন্দেহ কৰি আটক কৰা হৈছে বুলি ধাৰণা কৰা হৈছে। চৰকাৰে হাৰিয়ানা চৰকাৰৰ সৈতে আলোচনা কৰিলেহে প্ৰকৃত ঘটনাটো পোহৰলৈ আহিব।