Tuesday, October 14, 2025
Google search engine
গৃহস্থানীয়ড্ৰাগছমুক্ত জিলা গঠনৰ বাবে মানকাচৰত ৫১ টা মাতৃ গোটৰ ড্ৰাগছবিৰোধী সমদল ।...

ড্ৰাগছমুক্ত জিলা গঠনৰ বাবে মানকাচৰত ৫১ টা মাতৃ গোটৰ ড্ৰাগছবিৰোধী সমদল । জিলা প্ৰশাসনৰ দ্বাৰা মাতৃ গোটক দুদিনীয়া প্ৰশিক্ষণ ।

ডিজিটেল ডেক্স, মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ প্ৰতিখন গাঁও ড্ৰাগছমুক্ত কৰি জিলাখন ড্ৰাগছমুক্ত জিলা কৰিবলৈ জিলা প্ৰশাসনে সমাজ কল্যাণ বিভাগৰ জৰিয়তে প্ৰথম বাৰৰ বাবে ৫১ টা মাতৃগোট গঠন কৰিছে। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ নিৰ্দেশত গঠন কৰা মাতৃগোট সমূহক কালিৰে পৰা আজি দুপৰীয়া ১২.২৪০ দুদিনীয়া কাৰ্য্যসূচীৰে বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয়। ড্ৰাগছৰ বিৰুদ্ধে গাঁৱে গাঁৱে মাতৃ সকলে কিদৰে অভিযান কৰিব আৰু কেনেকৈ নিজৰ গাঁও ড্ৰাগছমুক্ত কৰি ৰাখিব সেই সম্পৰ্কে মাতৃ গোটৰ সদস্যা আইমাতৃ সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। ঝাউডাঙা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অনুষ্ঠিত হোৱা প্ৰশিক্ষণৰ প্ৰথম দিনা অৰ্থাত কালি জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ শইকীয়া, জিলা যুটীয়া স্বাস্থ্য  সেৱা সঞ্চালক ডাঃ ছিৰাজুল ইছলাম, জিলা অতিৰিক্ত আয়ুক্ত ৰিপোন জ্যোতী নাথ, জিলা সহকাৰী আয়ুক্তা তথা সমাজ কল্যাণ বিষয়া নন্দিতা চহৰীয়াকে ধৰি কেবাগৰাকী উচ্চ পদস্ত বিষয়া উপস্থিত থাকি মাতৃ গোটৰ আইমাতৃ সকল প্ৰশিক্ষণ প্ৰদান কৰা হয়। ড্ৰাগছ সেৱন বন্ধৰ লগতে ড্ৰাগছ আসক্ত সকলক কিদৰে সাধাৰণ অৱস্থালৈ উভতাই অনা হব তাক লৈও প্ৰশিক্ষণ কাৰ্যসূচীত বিস্তাৰিত ভাৱে আলোচনা কৰা হয়। কিদৰে ছাত্ৰ-ছাত্ৰী, নৱ প্ৰযন্ম ড্ৰাগছৰ প্ৰতি আসক্ত হয় সেই সম্পৰ্কে প্ৰজেক্টৰ জৰিয়তে কিছু তথ্য চিত্ৰ আই মাতৃ সকলৰ দ্বাৰা গঠিত মাতৃ গোটক প্ৰদৰ্শন কৰা হয়।

লক্ষণীয় যে, আজি দিনৰ প্ৰায় ১২.৩০ বজাত মাতৃগোটৰ প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পাচত ঝাওডাঙ্গা হায়াৰ চেকেণ্ডাৰী স্কুলৰ পৰা ৫১ টা মাতৃগোটৰ ৫১০ গৰাকী সদস্যা আইমাতৃক লৈ জিলা প্ৰশাসন আৰু সমাজ কল্যান বিভাগে ড্ৰাগছবিৰোধী সজাগতামূলক সমদল উলিয়ায়। এই সজাগতামূলক সমদলত জিলা আইন সেৱা প্ৰাধিকাৰী আৰু মানকাচৰ উন্নয়ন খণ্ড এলেকাৰ অধীনস্থ অংগনাবাদী কেন্দ্ৰৰ কৰ্মী সকলেও সহযোগ কৰে। ড্ৰাগছমুক্ত সমাজ গঢ়াৰ পৰিকল্পনাৰে উলিওৱা এই সজাগতামূলক সমদলৰ জৰিয়তে বিভিন্ন শ্লোগান দি ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস চলোৱা হয়  । আজিৰ এই কাৰ্য্যসূচীত জিলা সমাজ কল্যাণ বিভাগৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত বিষয়া নন্দিতা চহৰীয়া, মানকাচত খণ্ড উন্নয়ন বিষয়া পৰমানন্দ শইকীয়া, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ছিৰাজুল ইছলাম প্ৰমুখে জিলা প্ৰশাসনৰ কেবাগৰাকী বিষয়া আৰু আৰক্ষী প্ৰশাসন উপস্থিত আছিল।

জিলাখনত প্ৰথমবাৰৰ বাবে এইদৰে জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিবলৈ জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা জিলাখনত প্ৰথম পৰ্যায়ত ৫১ টা মাতৃ গোট গঠন কৰিছে। আই মাতৃ আৰু অংগনাবাড়ী কৰ্মীৰ লগতে পঞ্চায়ত সচিবৰ সহযোগত গঠন কৰা আই মাতৃৰ মাতৃ গোটে কিমান সফলতা লাভ কৰিব পাৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments