Tuesday, July 1, 2025
Google search engine
গৃহস্থানীয়মানকাচৰৰ সুখচৰ উপ ডাকঘৰৰ দুই কৰ্মচাৰীক নিলম্বন

মানকাচৰৰ সুখচৰ উপ ডাকঘৰৰ দুই কৰ্মচাৰীক নিলম্বন

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ সুখচৰ উপ-ডাকঘৰৰ দুই কৰ্মচাৰীক আজি ডাক বিভাগে চাকৰিৰ পৰা নিলম্বন কৰিছে।নিলম্বন কৰা ডাক কৰ্মচাৰী দুজন ক্ৰমে সেখ আব্দুল বোখাৰী আৰু ৰাহুল দাস। 

গোৱালাপাৰা মহকুমা ডাকঘৰৰ সহকাৰী অধীক্ষক মৃদুল দাস আজি সুখচৰত উপস্থিত হৈ তদন্তৰ পাচত ডাক কৰ্মচাৰী দুজনক চাকৰিৰ পৰা নিলম্বন কৰে। উল্লেখযোগ্য যে, যোৱা বুধবাৰে স্থানীয় সুখচৰৰ শতাধিক গ্ৰাহকে ডাক কৰ্মচাৰী দুজনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি ডাকঘৰত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল। 

পৰিস্থিতি উত্তপ্ত হোৱাৰ বাবে সুখচৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ অভিযোগৰ ভিত্তিত ডাক ঘৰত অভিযান চলাই ৬ বস্তা ভৰ্তি পান কাৰ্ড, আধাৰ কাৰ্ড আৰু বিভিন্ন চিঠিপত্ৰ উদ্ধাৰ কৰি জব্দ কৰে। গ্ৰাহকৰ নামত অহা পানকাৰ্ড, আধাৰ কাৰ্ডকে ধৰি বিভিন্ন চিঠিপত্ৰ ডাক কৰ্মচাৰী দুজনে গ্ৰাহকক চমজাই নিদি ডাক ঘৰৰ ভিতৰত জমা কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে। 

সময়ে সময়ে গ্ৰাহকৰ নামত অহা এনে চিঠিপত্ৰ জুই লগাই জ্বলাই দিয়াৰো অভিযোগ ডাক কৰ্মচাৰী দুজনৰ বিৰুদ্ধে স্থানীয় ৰাইজে উত্থাপন কৰে। তাৰোপৰি অভিযোগ অনুসৰি দিনৰ প্ৰায় ১২ বজালৈ ডাক কৰ্মচাৰী দুজনৰ লগতে পোষ্ট মাষ্টাৰ জনো ডাকঘৰত আহি উপস্থিত নহয়। 

এনে অভিযোগৰ পাছত আজি গোৱালপাৰা মহকুমা ডাকঘৰৰ সহকাৰী অধীক্ষকজনে সুখচৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। প্ৰাথমিক তদন্ততে ডাকঘৰখনত বহু পুৰণি চিঠিপত্ৰ, পানকাৰ্ড, আধাৰকাৰ্ড তাত দেখি ডাক কৰ্মচাৰী দুজনক ততকালীন ভাৱে নিলম্বন কৰে। 

আনকি সুখচৰ উপ ডাকঘৰৰ পোষ্ট মাষ্টাৰ মহাদেৱ চন্দ্ৰ ৰায়ৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। সুখচৰ ডাকঘৰত জমা হৈ থকা সকলোখিনি চিঠিপত্ৰ আৰু পান কাৰ্ড, আধাৰ কাৰ্ড গ্ৰাহকক দুই-তিনি দিনৰ ভিতৰত  চমজাই দিয়াৰ বাবে সহকাৰী অধীক্ষকজনে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সাংবাদিকৰ আগত মত প্ৰকাশ কৰিছে। 

লক্ষ্যণীয় যে, বিশ্বৰ ভিতৰত সৰ্ববৃহত অনুষ্ঠান হিচাপে জনাজাত ডাক সেৱা জীয়াই ৰখাৰ স্বাৰ্থত সুখচৰৰ প্ৰতিজন লোকে ডাকঘৰটোত একাউণ্ট খুলিব লাগে বুলিও দুই কৰ্মচাৰীক নিলম্বনৰ পাচত সহকাৰী অধীক্ষক জনে সুখচৰবাসীক আহ্বান জনায়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments