ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ মানকাচৰৰ কানাইমাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি পুৱা হঠাৎ বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত অগ্নিকাণ্ডত চিকিৎসালয়খনৰ সংগ্ৰহ কক্ষত থকা ইনভাৰ্টাৰ , ফ্ৰিজ, বেটাৰী ১২টা, ছোলাৰ পেনেলকে ধৰি ৩০ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়।
উল্লেখযোগ্য যে, চিকিৎসালয়খনৰ সংগ্ৰহ কক্ষত অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে চিকিৎসালয়ৰ ৰোগী সকলক স্বাস্থ্যকৰ্মী সকলে তৎকালীন ভাৱে নিৰাপত্তাস্থানত স্থানান্তৰিত কৰে । এই ঘটনাত ৰোগীৰ কোনো ধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই যদিও হাস্পাতাল খনৰ বৃহৎ ক্ষতি সাধন হৈছে। ঘটনাৰ পাচত জিলা স্বাস্থ্য সেৱা যুটীয়া সঞ্চালক ডাক্তৰ ছিৰাজুল ইছলাম হাস্পাতালখনত উপস্থিত হৈ ঘটনাটো পৰ্যবেক্ষণ কৰি বিদ্যুত বিভাগৰ কামৰ দায়িত্বত থকা ছেলকো ফাউণ্ডেশ্যন নামৰ কোম্পানীক ঘটনাৰ দোষাৰপ কৰে। কোম্পানীৰ দায়িত্ব জ্ঞানহীন কামৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক জনে অভিযোগ তুলিছে।