ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ– দুদিনীয়া কাৰ্য্যসূচীৰে কালি হাটশিঙিমাৰীত উপস্থিত হৈছে অসম চৰকাৰৰ ৰাজহ বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাথী। প্ৰধান সচিব গৰাকী কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ সৈতে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। নিশা হাটশিঙিমাৰী আৱৰ্ত ভৱনত আশ্ৰয় লোৱাৰ পাচত আজি পুৱাৰে পৰা প্ৰধান সচিব গৰাকী জিলাখনৰ কেবাটাও স্থানত চলি থকা খহনীয়াগ্রস্থ এলেকা পৰিদৰ্শন কৰে। বিশেষকৈ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী এলেকাৰ কোকৰাডাঙা, কালাইৰ আগতা, বৰাইৰ আলগা বিএছএফৰ পৰীক্ষণ চকী, শিশুমাৰা আৰু নেওৱাজেছপুৰ এলেকা পৰিদৰ্শনৰ পাচত প্ৰধান সচিব গৰাকী সীমান্ত পথেৰে মানকাচৰলৈ ৰওনা হয়। মানকাচৰ ৰাজহ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বিষয়া-কৰ্মচাৰীৰ সৈতে মত বিনিময় কৰি দিনৰ প্ৰায় ১২ বজাত জিলাখনৰ পূৰ্বাঞ্চলত থকা কালাপানী আৰক্ষী চকী পৰিদৰ্শন কৰে। আৰক্ষী চকীখনৰ প্ৰৱেশদ্বাৰত মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে কিছু অংশ খহাই নিয়াৰ লগতে কালাপানী আৰক্ষী চকীলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। ইতিমধ্যে জিলা প্ৰশাসনৰ পৰা কালাপানী আৰক্ষী চকীৰ লগতে বিভিন্ন এলেকাত চলি থকা খহনীয়া তৎকালীন বন্ধ কৰিবলৈ জলসম্পদ বিভাগৰ পৰা জঅ বেগ আৰু বাঁহৰ ব্যৱস্থা কৰা হৈছে। আগন্তক বাৰিষাৰ সময়ত যাতে কালাপানী আৰক্ষী চকীকে ধৰি জিলাখনত খহনীয়াই আৰু ক্ষতি কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনক অস্থায়ী কাম কৰাৰ নিৰ্দেশান প্ৰদান কৰা বুলি জানিব পৰা গৈছে। বাৰিষাৰ পাচত জিলাখনৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবেও জিলা প্ৰশাসনে পৰিকল্পনা প্ৰস্তুত কৰিবলৈ প্ৰধান সচিব জনে জিলা প্ৰশাসনক নিৰ্দেশ দিয়া বুলি জনা গৈছে। প্ৰধান সচিব গৰাকীয়ে কালাপানী আৰক্ষী চকী পৰিদৰ্শনৰ পাচত দুপৰীয়া প্ৰায় ১ বজাত জিলাৰ সদৰ হাটশিঙিমাৰীত উপস্থিত হৈ পুনৰ দক্ষিণ শালমাৰালৈ খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শনৰ বাবে ৰাওনা হয়। দক্ষিণ শালমাৰাৰ বিশেষকৈ মনিৰচৰ, পাটাকাটা, টুমনি এলেকাত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰাৰ পাচত বিয়লি প্ৰায় ৪.৩০ বজাত গুৱাহাটীলৈ ৰাওনা হৈছে । প্ৰধান সচিব গৰাকীৰ এই দুদিনীয়া কাৰ্যসূচীত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰভ দাসৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰা উপস্থিত আছিল।
আগন্তক দুমাহৰ ভিতৰত প্ৰতিটো বিভাগৰ প্ৰতিজন মন্ত্ৰী আৰু প্ৰধান সচিব প্ৰতিখন জিলাত গৈ স্থানীয় সমস্যাৰ বুজ লৈ সমাধান কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী আৰু প্ৰধান সচিব সকলক নিৰ্দেশনা প্ৰদান কৰিছে। এই নিৰ্দেশনাৰ পাচতেই জিলাখনত মন্ত্ৰী, প্ৰধান সচিবৰ ভ্ৰমণ আৰম্ভ হৈছে। কিছুদিন ইদৰ পূৰ্বে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস জিলাখনত উপস্থিত হৈ কেবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহন কৰি দুখনকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰাৰ লগতে জিলা প্ৰসাসনৰ সৈতে পৰ্যালোচনা সভাত বহিছিল।
জিলাখনৰ প্ৰধান সমস্যা হৈছে বাংলাদেশ সীমান্তৱৰ্তী এলেকাকে ধৰি বিভিন্ন এলেকাত বৰলুইতৰ পাৰত তীব্ৰ গতিত চলি আছে খহনীয়া। খহনীয়াৰ স্থায়ী প্ৰতিৰোধ নহলে একেবাৰে কম মাটিকালি থকা জিলাখনৰ সদৰ হাটশিঙিমাৰীকে ধৰি অধিকাংশ এলেকা বৰলুইতৰ বুকুত জাহ যাব। একেদৰে ভাৰত-বাংলাদেশ সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ প্ৰতিও বৰ্তমানে চৰম ভাবুকি দেখা দিছে। যিকোনো মহুৰ্তত ভাৰত-বাংলাদেশ সীমান্তৰ কাটাতাৰৰ বেৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব পাৰে। আন্তৰাষ্ট্ৰীয় সীমান্তত কাটাতাৰৰ বেৰ বৰলুইতৰ বুকুত জাহ গলে সীমান্ত উন্মক্ত হৈ বাংলাদেশৰ পৰা দেশলৈ চৰম ভাবুকি কঢ়িয়াই আনিব। দেশৰ নিৰাপত্তা তথা সাৰ্বভৌমত্যৰ প্ৰতি থকা ভাবুকি ৰক্ষা কৰিবলৈ হলে প্ৰথমে জিলাখনৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধ কৰাটো অতিকৈ জৰুৰী। মন্ত্ৰী, আমোলা সীমান্তৰ খহনীয়া পৰিদৰ্শন কৰিবলৈ আহি প্ৰতিশ্ৰুতি ঠিকেই দিয়ে। কিন্তু বাস্তৱত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সীমান্তৱৰ্তী জিলাখনৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধ কৰাত কিমান সফল হয় সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হব।
ইফালে জিলাখনৰ একমাত্ৰ লাইফলাইন সদৃশ হাটশিঙিমাৰী-মানকাচৰ-ঝনঝনি সংযোগী ৩০ কিলোমিটাৰ পথটো যুগ যুগ ধৰি বিধ্বস্ত হৈ আছে। এই পথটো পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে কিছুদিন পূৰ্বে ১৩০ কোটি টকা ধাৰ্য কৰিছিল। কিন্তু নিবিদাৰ সময়ত হঠাত কামটো অন্য জিলালৈ দিয়াৰ পাচত জিলাবাসীয়ে আজিলৈ বিধস্ত পথেৰে প্ৰতিদিনে যমৰ যতনাত ভূগি থাকিবলগীয়া হৈছে। জিলাখনৰ প্ৰতিটো প্ৰান্তৰ পৰা সদৰ হাটশিঙিমাৰীলৈ যাতায়াতৰ বাবে এই একমাত্ৰ লোকনিৰ্মাণ বিভাগৰ পথ জিলাবাসীয়ে ব্যৱহাৰ কৰিবলগীয়া হয়। অন্য বিকল্প কোনো পথ নথকাৰ বাবে জিলাবাসীয়ে অতি শোচনীয় এই পথেৰে প্ৰতিদিনে যাতায়ত কৰে। প্ৰায় আধা ঘণ্টাৰ পথটোৱেদি এবাৰ ৰাইজে যাতায়ত কৰোতে প্ৰায় দুই ঘণ্টা সময় অতিবাহিত কৰিবলগীয়া হয়। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক পথটো পুনৰ নিৰ্মাণ কৰা সম্পৰ্কে স্থানীয় আমাৰ সাংবাদিকে প্ৰশ্ন কৰাত উত্তৰত অসম মালা আঁচনিৰ জৰিয়তে পথটো পুনৰ নিৰ্মাণৰ বাবে ব্যৱস্থা কৰিব বুলি মত প্ৰকাশ কৰিছে। কিন্তু বাৱস্তৱত জিলা প্ৰশাসনে অসমমালাৰ পৰা পথটো পুনৰ নিৰ্মাণৰ বাবে চৰকাৰলৈ প্ৰতিবেদনহে দাখিল কৰিছে। চৰকাৰে এই প্ৰতিবেদনৰ প্ৰতি সচাকৈ গুৰুত্ব দিব নে কেৱল ২৬ ৰ নিৰ্বাচনৰ বৈতাৰণী পাৰ কৰিবলৈ মন্ত্ৰী-আমোলাৰ প্ৰতিশ্ৰুতি আৰম্ভ হৈছে সেয়া সময়তহে স্পষ্ট হব।