Wednesday, July 16, 2025
Google search engine
গৃহস্থানীয়মেঘালয়ত চুৰি, মানকাচৰ-বাংলা সীমান্তয়েদি সৰবৰাহ

মেঘালয়ত চুৰি, মানকাচৰ-বাংলা সীমান্তয়েদি সৰবৰাহ

            ডিজিটেল ডেক্স, মানকাচৰঃ- চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ পৰা মানকাচৰৰ একাংশ চোৰ পশুধন চুৰি কৰি মানকাচৰ-বাংলাদেশ সীমান্তয়েদি বাংলাদেশত সৰবৰাহ কৰি আহিছে।  মানকাচৰ আৰক্ষীয়ে নিশা অসম-মেঘালয় সীমান্তৱৰ্তী মৈশালডাঙা এলেকাত এটা গৰু চোৰক মাৰুতি ছুইফ্ট আৰু এটা গৰু সহ গ্ৰেপ্তাৰ কৰাৰ পাচত এই তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত বাতৰি মতে, মানকাচৰ আৰক্ষী যোৱা নিশা এক গোপন সুত্ৰৰ ভিত্তিত মৈশালডাঙা এলেকাত অভিযান চলায়। গভীৰ নিশা ML-04A-4704 নম্বৰৰ মাৰুতি চুইফ্ট বাহনখন মৈশালডাঙাত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে বাহনখন ৰখাই তালাচী চলায়। বাহনখনৰ ভিতৰৰ পৰা এটা চুৰি গগৰু আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে এটা চোৰক কৰায়ত্ব কৰে। ধৃত চোৰটোক দক্ষিণ শালমাৰা থানা এলেকাৰ অধীনস্থ কানাইমাৰাৰ দয়াৰচৰ-নয়াবজাৰৰ সাহজাহান সেখৰ পুত্ৰ সাহিমুদ্দিন ওৰফে সাহিনুৰ ইছলাম (৪০) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে চোৰটোক কৰায়ত্ব কৰি সোধাপোছাৰ অন্তত বহু কেইজন চোৰৰ সন্ধান লাভ কৰিছে। মেঘালয়ৰ পিপুলবাৰী এলেকাৰ পৰা গৰুটো চুৰি কৰি মাৰুতি ছুইফ্টত ভৰাই অনাৰ স্থানীয় লোকে প্ৰত্যক্ষ কৰি মানকাচৰ আৰক্ষীক খবৰ দিয়াৰ পাচত আৰক্ষীয়ে চোৰটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিনৰ পৰা চোৰটো নিজৰ গাঁৱৰে সহযোগী নাজিম উদ্দীন আৰু পিপুলবাৰী গাঁৱৰ জাকিৰ হুছেইনৰ সৈতে একেলগে চুৰিকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীৰ ওচৰত স্বাকীৰোক্তি দিছে। আৰক্ষীয়ে চোৰ সাহিমুদ্দিনক গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰে। ঘটনাৰ অধিক তদন্তৰ বাবে আৰক্ষীয়ে আদালতৰ পৰা চোৰটোক তিনিদিনৰ জিম্মাত বিচৰাত আদালতে দুদিনৰ জিম্মাত দিছে বুলি জানিব পৰা গৈছে।

          লক্ষণীয় যে, মেঘালয়ৰ পৰা এইদৰে চুৰি কৰা পশুধন মাৰুতি ছুইফ্টৰ জৰিয়তে বাংলাদেশ সীমান্তৱৰ্তী এলেকাত নি নিশাৰ এন্ধাৰত বিএছএফৰ চকুত ধূলি দি কাটাতাঁৰৰ বেৰৰ ওপৰেদি বাঁহৰ ঢেকিৰ জৰিয়তে বাংলাদেশলৈ পশুধন সৰবৰাহ কৰে। দীৰ্ঘদিনৰ পৰাই চোৰৰ দলটো চুৰি আৰু সৰবৰাহৰ কাম চলাই আছিল। কিন্তু পিপুলবাৰী ৰাইজৰ সচেতনতা আৰু আৰক্ষীৰ ততপৰতাৰ বাবে অৱশেষত এটা চোৰ আৰক্ষীৰ জালত পৰিছে। ইফালে সহযোগী চোৰ কেইটাক কৰাত্ব কৰাৰ বাবে আৰক্ষীয়ে অনুসন্ধান চলাই আছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments