Thursday, June 19, 2025
Google search engine
গৃহস্থানীয়মানকাচৰত ৯৩ খন ব্যক্তিগত বিদ্যালয়ৰ নাই চৰকাৰী অনুমতি । পৰীক্ষাত অৱতীৰ্ণ হ'ব...

মানকাচৰত ৯৩ খন ব্যক্তিগত বিদ্যালয়ৰ নাই চৰকাৰী অনুমতি । পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব শিক্ষাৰ্থী

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীকে ধৰি জিলাখনৰ প্ৰতিটো চুকে-কোনে কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান। চৰকাৰী অনুমতি আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ স্বীকৃতি নথকাকৈ চলি থকা বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূৰান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত মুঠ ৯৩ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত চৰকাৰী অনুমতিৰ লগতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ স্বীকৃতি নাই। ইতিমধ্যে জিলা শিক্ষা বিভাগৰ অধীনত থকা দক্ষিণ শালমাৰা-মানকাচৰ চক্ৰৰ বিদ্যালয়ৰ পৰিদৰ্শকৰ পৰা ৯৩ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ তালিকা প্ৰকাশ কৰা হৈছে।

তালিকা মতে, মানকাচৰ শিক্ষাখণ্ডৰ অধীনস্থ জিলাখনৰ বাঘাপাৰা এলেকাত ৩ খন, ভূৰাকাটা এলেকাত ২ খন, ভূতিয়াডাঙা এলেকাত এখন, ধানুৱা এলেকাত এখন, ফেকামাৰী এলেকাত ৩ খন, ফুলেৰচৰ এলেকাত ৩ খন, জিলাৰ সদৰ হাটশিঙিমাৰীত ১৩ খন, ঝালৰচৰ এলেকাত ২ খন, ঝাউডাঙা এলেকাত এখন, কাকৰিপাৰা এলেকাত ২ খন, কালাপানী এলেকাত ২ খন, কানাইমাৰাত এখন, কঠালবাৰীত এখন, খাৰুৱাবান্ধাত ২ খন, কুকুৰমাৰাত ৩ খন, মালিৰ আলগাত ২ খন, মুঞ্জুৰীত ৩ খন, মানকাচৰ বজাৰত এখন, মানকাচৰ পূৱত ২ খন, মানকাচৰ পশ্চিমত ৩ খন, মানুল্ল্যাপাৰাত ২ খন, মলাখোৱাত ২ খন, পাথুৰীয়াত ৫ খন, পিয়াজবাৰীত এখন, পুৰাণদিয়াৰত এখন, সাদুল্ল্যাবাৰীত ৪ খন, টানগাঁওত ২ খন, ঠাকুৰাণবাৰীত ২ খন আৰু দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ অধীনস্থ বালাডোবাত ২ খন, গোটাবাৰীত ২ খন, হাজিৰহাটত ৪ খন, কদমতলীত এখন, খোপাতীয়াত ২ খন, পাটাকাটাত ৮খন, শিমলাকান্দিত এখন, দক্ষিণ শালমাৰাত ২ খন আৰু টুমনিত এখন চৰকাৰী অনুমতি আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ স্বীকৃতি নাই ।

জিলাখনৰ এই ৯৩ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ভিতৰত মাত্ৰ কেইখনমান বিদ্যালয়ৰ চৰকাৰী অনুমতি থকাৰ বিপৰীতে বাকী এখনো বিদ্যালয়ত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ স্বীকৃতি নাই। এই ৯৩ খন বিদ্যালয়ত নৱম আৰু একাদশ শ্ৰেনীত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলে যদি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূৰান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰে তেন্তে শিক্ষাৰ্থীসকলৰ ভৱিষত অন্ধকাৰ হৈ পৰিব।

ইতিমধ্যে জিলাখনৰ শিক্ষা বিভাগৰ পৰা কিছুদিন পূৰ্বে চৰকাৰী অনুমতিৰ লগতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ স্বীকৃতি থকা বিদ্যালয়তহে ছাত্ৰ-ছাত্ৰীসকলক নামভৰ্তিৰ বাবে জাননী জাৰি কৰিছে। লক্ষণীয় যে, কোনো ধৰণৰ অনুমতি নথকা এনেবোৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ তালিকা জিলাখনৰ শিক্ষা বিভাগে প্ৰস্তুত কৰি তেওঁলোকক শীঘ্ৰে অনুমতিৰ যাৱতীয় কামকাজ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে বুলি জানিব পৰা গৈছে।

কিন্তু চৰকাৰী অনুমতি নোলোৱাকৈ কিদৰে জিলাখনৰ প্ৰান্তে প্ৰান্তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ কাঠফুলাৰ দৰে স্থাপন কৰিবলৈ সাহস পালে তাকে লৈ এতিয়া সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে অনুমতিবিহীন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অন্য অনুমতি থকা বিদ্যালয়ৰ অধীনত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ চূৰান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ স্বত্বাধিকাৰীয়ে হেতালী খেলাৰ অধিকাৰ ক’ত পালে তাক লৈ জিলাখনৰ সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments