ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ দুদিনীয়া কাৰ্যসূচীৰে ভাৰত চৰকাৰৰ Steel & Heavy Industry বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ভূপাতিৰাজু শ্ৰীনিবাছ বৰ্মা আজি দিনৰ ১২ বজাত মানকাচৰত উপস্থিত হ’ব। মন্ত্ৰী গৰাকী গুৱাহাটীৰ পৰা মেঘালয়ৰ তুৰা হৈ দিনৰ প্ৰায় ১২ বজাত উপস্থিত হ’ব জিলাৰ সদৰ হাটশিঙিমাৰীত। মন্ত্ৰী গৰাকী জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে জিলা উন্নয়নৰ বাবে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত চৰকাৰী ভাৱে ৰূপায়ন কৰা বিভিন্ন আঁচনি বিশেষকৈ ৩ খন জল জীৱন মিছন আঁচনি পৰিদৰ্শন কৰিব মন্ত্ৰী গৰাকীয়ে। বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তৰ শিশুমাৰা বি এছ এফ কেম্পত নিৰ্মাণ কৰা জল জীৱন মিছন আঁচনিখনৰ লগতে সীমান্ত পৰিদৰ্শন কৰিব মন্ত্ৰী গৰাকী। নিশা হাটশিঙিমাৰী আৱৰ্ত ভৱনত কটোৱাৰ পাচত ৩০ মে’ পুৱা ৬ বজাৰ পৰা দ্বিতীয় দিনৰ কাৰ্য্যসূচী আৰম্ভ কৰিব। ৩০ মে’ত মন্ত্ৰী গৰাকী ৫ খনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, এটা অমৃত সৰোৱাৰ পুখুৰী আৰু বৃক্ষ ৰোপন আঁচনি পৰিদৰ্শন কৰিব। দ্বিতীয় দিনা দিনৰ ১০ বজাত পুনৰ হাটশিঙিমাৰী আৱৰ্ত ভৱনত উপস্থিত হৈ গুৱাহাটীলৈ ৰাওনা হ’ব । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ ভ্ৰমনসূচীক লৈ হাটশিঙিমাৰী জিলা প্ৰশাসনে ইতিমধ্যে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে।