Tuesday, June 17, 2025
Google search engine
গৃহস্থানীয়মানকাচৰত শি*শু শ্ৰ*মিকৰ বিৰুদ্ধে তীব্ৰ অভিযান । ১৯ গৰাকী শি*শু শ্ৰমিক উদ্ধাৰ

মানকাচৰত শি*শু শ্ৰ*মিকৰ বিৰুদ্ধে তীব্ৰ অভিযান । ১৯ গৰাকী শি*শু শ্ৰমিক উদ্ধাৰ

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত শ্ৰম বিভাগৰ দল এটা দুদিনীয়া কাৰ্যসূচীৰে হাটশিঙিমাৰী, মানকাচৰ আৰু কালাপানী এলেকাত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলাই বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা ১৯ গৰাকী শিশু শ্ৰমিক উদ্ধাৰ কৰিছে।

    উল্লেখোযোগ্য যে, জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ নিৰ্দেশত ধুবুৰী জিলা শ্ৰম বিভাগৰ পৰিদৰ্শক জান্নাতুন ফিৰদৌছৰ নেতৃত্বত কেবাজনীয়া অভিযানকাৰী দল এটা কালি পৰা জিলাখনৰ মানকাচৰ, বাঘাপাৰা, কালাপানী, সুখচৰ, ফাত্তাপাৰা, হাটশিঙিমাৰী, খাৰুৱাবান্ধা, ফেকামাৰী, সোনাপুৰ আৰু কুকুৰমাৰা এলেকাত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলায়। কালি মানকাচৰ, বাঘাপাৰা আৰু কালাপানী এলেকাত বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা ৭ গৰাকী শিশু শ্ৰমিক উদ্ধাৰ কৰি পৰিয়ালক গতাই দিয়াৰ লগতে আজি সুখচৰ, ফাত্তাপাৰা, হাটশিঙিমাৰী, খাৰুৱাবান্ধা, ফেকামাৰী, সোনাপুৰ আৰু কুকুৰমাৰাত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলায়। সমাজকল্যাণ বিভাগ, আৰক্ষী প্ৰশাসন, জিলা আইন সেৱা প্ৰাধিকাৰীৰ কৰ্মচাৰী, জিলা প্ৰশাসনৰ বিষয়-ববীয়াৰ লগতে ধুবুৰী জিলা শ্ৰম বিভাগৰ পৰিদৰ্শক জান্নাতুন ফিৰদৌছৰ উপস্থিতিত আজি ১২ গৰাকী শিশু শ্ৰমিকক উদ্ধাৰ কৰা হয়। আজিও উদ্ধাৰ কৰা শিশু শ্ৰমিক কেইটাক পৰিয়ালৰ হাতত চমজাই দি অনাগত দিনত যাতে শিশু সকলক শ্ৰমিক হিচাপে নিয়োজিত নকৰি স্কুললৈ প্ৰেৰণ কৰাৰ বাবে অভিভাৱকক জিলা প্ৰশাসনে এক প্ৰকাৰে নিৰ্দেশনা প্ৰদান কৰা পৰিলক্ষিত হয়।

    ইফালে অভিযানৰ সময়ত জিলা প্ৰশাসনে একাংশ ব্যৱসায়ীক ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা উঠাই আনি তেওঁলোকক জৰিমনা বিহাৰ লগতে আইনগত ব্যৱস্থা লবলৈ জিলা আয়ুক্তই নিৰ্দেশনা প্ৰদান কৰিছে। লক্ষণীয় যে, অভিযানৰ অন্তত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা কয় যে, জিলাখনৰ বিভিন্ন এলেকাত তামোল আৰু কাজু ফেক্টৰীৰ লগতে একাংশ ব্যৱসায়ী প্ৰতিষ্ঠানত মালিকে কম মূল্যত শিশু শ্ৰমিক ব্যৱহাৰ কৰে। প্ৰতি বছৰৰ দৰে এই বেলিও ইতিমধ্যে জিলা প্ৰশাসনে চাৰিখনকৈ অভিযান চলাই বহু কেইগৰাকী শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। শিশু শ্ৰমিক ব্যৱহাৰ কৰা ব্যৱসায়ী সকলে যাতে অনাগত দিনত শ্ৰমিক হিচাপে ব্যৱহাৰ নকৰে তাৰ আহ্বান জনাইছে জিলা আয়ুক্ত গৰাকীয়ে।

    লক্ষণীয় যে, এটাৰ পাচত আন এটা শিশু শ্ৰমিক বিৰোধী অভিযান চলোৱাৰ পাচতো জিলাৰ সদৰ হাটশিঙিমাৰীতে একাংশ ব্যৱসায়ী প্ৰতিষ্ঠানত শিশু শ্ৰমিক ব্যৱহাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিশু শ্ৰমিক ব্যৱহাৰ কৰা ব্যৱসায়ী প্ৰতিষ্ঠানৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ বাবে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহন কৰিছে বুলি ধুবুৰী জিলা শ্ৰম বিভাগৰ পৰিদৰ্শক জান্নাতুন ফিৰোদৌছে জানিবলৈ দি কয় যে, দুদিনত যিকেইখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ কৰা হৈছে সেই ব্যৱসায়ী প্ৰতিষ্ঠানৰ বিৰুদ্ধে শ্ৰম বিভাগে জৰিমনা প্ৰদান কৰিব।

    আনহাতে পূৰ্বে চলোৱা অভিযানত যিকেইখন ব্যৱসায়ী প্ৰতিষ্ঠানত শিশু শ্ৰমিক উদ্ধাৰ হৈছিল সেই ব্যৱসায়ী প্ৰতিষ্ঠানত দ্বিতীয়বাৰৰ বাবে শিশু শ্ৰমিক ব্যৱহাৰ কৰিলে তেওলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লবলৈ শ্ৰম বিভাগে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিব বুলি শ্ৰম বিভাগৰ পৰিদৰ্শক জনীয়ে জানিবলৈ দিছে।

    মন কৰিবলগীয়া যে, মূল ৰাস্তাৰ কাষত থকা একাংশ দোকান, ব্যৱসায়ী প্ৰতিষ্ঠানত শিশু শ্ৰমিকৰ বিৰুদ্ধে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহন কৰিলেও ভিতৰুৱা এলেকাত আজিও বহু ঠাইত কম মূল্যত শিশু শ্ৰমিক নিয়োজিত কৰা দেখা যায়।  জিলা প্ৰশাসন আৰু শ্ৰম বিভাগে এনে ভিতৰুৱা এলেকাৰ শিশু শ্ৰমিকৰ বিৰুদ্ধে কেনে পদক্ষেপ গ্ৰহন কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments