Tuesday, June 17, 2025
Google search engine
গৃহদেশ-বিদেশঅসমৰ পৰা বিতাড়িত ১৪ অবৈধ বাংলাদেশীক চমজি ল’লে বাংলাদেশে

অসমৰ পৰা বিতাড়িত ১৪ অবৈধ বাংলাদেশীক চমজি ল’লে বাংলাদেশে

ডি়জিটেল ডেক্স, মানকাচৰঃ মৰিগাঁওৰ বহিস্কৃত শিক্ষক খাইৰুল ইছলাম সহ অসমৰ পৰা বিতাড়িত ১৪ বাংলাদেশীক বাংলাদেশে চমজি লোৱাৰ খবৰ পোৱা গৈছে। বিভিন্ন মাধ্যমৰ জৰিয়তে লাভ কৰা খবৰ অনুসৰি ১৪ বাংলাদেশীক নিশা মানকাচৰৰ পাশ্বৱৰ্তী বৰাইবাৰী বিজিবি শিবিৰত ৰখাৰ পাচত তেঁওলোকক আজি বিজিবিৰ জামালপুৰস্থিত মুখ্য কাৰ্যালয়লৈ নিয়া হৈছে। কালি মানকাচৰৰ ঠাকুৰাণবাৰী সীমান্তয়েদি বিতাড়িত বাংলাদেশী কেইজনক বিজিবি আৰু বাংলাদেশী নাগৰিক সকলে একত্ৰিত হৈ ভাৰতলৈ পুনৰ উভতাই পঠোৱাৰ চেষ্টা কৰোতে সীমান্তত উত্তেজনাময় পৰিবেশৰ সৃষ্টি হৈছিল। ফলস্বৰূপে বিএছএফে ৰাভাৰ বুলেটেৰে শুন্যলৈ চাৰিজাই গুলী চালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলগীয়া হয়। সীমান্তৰ ‘ন’ মেনছ লেণ্ড‘ত বিয়লিলৈ বিতাড়িত বাংলাদেশী কেইজনৰ লগতে বিজিবি ৰৈ থকাৰ বাবে কালিয়ে বিএছএফে বিজিবিৰ সৈতে ‘ফ্লেগ মিটিং’ কৰাৰ আহ্বান জনায়। কিন্তু উত্তেজিত সীমান্তৰ পৰিস্থিতি দেখি বিজিবি বিএছএফক সহযোগ নকাত কালি ‘ফ্লেগ মিটিং’ কৰাটো সম্ভৱ হৈ নুঠে।

    ইফালে ঘটনাক লৈ আজি পুৱাৰে পৰা বিএছএফে বাংলাদেশ গাৰ্ড বৰ্ডাৰ অৰ্থাত বিজিবিৰ সৈতে ‘ফ্লেগ মিটিং’ কৰাৰ বাবে আহ্বান জনায় যদিও বাংলাদেশৰ পৰা বিজিবিয়ে বিএছএফক কোনো ধৰণৰ সহযোগ কৰা বুলি খবৰ পোৱা গৈছে। বিতাড়িত বাংলাদেশী কেইজনক বাংলাদেশে চমজি লোৱা বুলিও বিভিন্ন মাধ্যমত খবৰ পোৱা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments