ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ ভূমিকম্পকে ধৰি যিকোনো দূৰ্যোগ আৰু বানপানীৰ সময়ত নিজকে সুৰক্ষিত কৰি ৰখাৰ লগতে ঘৰুৱা সামগ্ৰীৰে কিদৰে আনৰ প্ৰাণ ৰক্ষা কৰিব পাৰি তাকে লৈ ৫দিনীয়া কাৰ্যসূচীৰে হাটশিঙিমাৰীত উপস্থিত হোৱা এনডিআৰএফ বাহিনী আজি মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ তিনিদিনীয়া সামূহিক সজাগতা প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন কৰে।
উল্লেখযোগ্য যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ পাটগাঁওস্থিত ১ নং বেটেলিয়ান এনডিআৰএফ বাহিনীৰ দল এটা ৫দিনীয়া কাৰ্যসূচী লৈ যোৱা ২৬ মে’ত উপস্থিত হৈছে জিলাৰ সদৰ হাটশিঙিমাৰীত। ২৬ মে’ত সুখচৰ আৰু ২৭ মে’ত মলাখোৱা গাঁও পঞ্চায়তৰ পাচত আজি তৃতীয় তথা অন্তিম মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ অধীনস্থ মালিৰ আলগা গাঁও পঞ্চায়তত সামূহিক সজাগতা প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ন কৰে । জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ ক্ষেত্ৰ বিষয়া শ্বৰিফুল ইছলামৰ লগতে পাটগাঁওস্থিত ১ নং বেটেলিয়ান এনডিআৰএফ বাহিনীৰ ইনেছপেক্টৰ গজেন্দ্ৰ সিং সহ এনডিআৰএফ আৰু হাটশিঙিমাৰী এছডিআৰএফ বাহিনীৰ দলে স্থানীয় ছাত্ৰ-ছাত্ৰী, ৰাইজ, আশাকৰ্মী আৰু অংগনাবাদী কৰ্মীৰ মাজত সামূহিক সজাগতা প্ৰশিক্ষণ প্ৰদান কৰে। দূৰ্যোগৰ সময়ত নিজকে কিদৰে সুৰক্ষিত ৰাখি আনক সুৰক্ষা প্ৰদান কৰিব পাৰি তাক লৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়। একেদৰে দূৰ্যোগ ব্যৱস্থাপনাৰ সৈতে মোকাবিলা কৰিবলৈ ঘৰুৱা আৰু পেলনীয়া সামগ্ৰীৰে কিদৰে আহত ব্যক্তি সকলক উদ্ধাৰ কৰিব পাৰি সেই সম্পৰ্কেও প্ৰশিক্ষণ প্ৰদান কৰে এনডিআৰএফ বাহিনীয়ে।
লক্ষণীয় যে, মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ অধীনত ৩দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী সামৰণি পেলোৱাৰ পাচত এনডিআৰএফ বাহিনীয়ে জিলা দূৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ উদ্যোগত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দক্ষিণ শালমাৰাৰ দুখনকৈ গাঁও পঞ্চায়তত একে ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰিব বুলি ক্ষেত্ৰ বিষয়া শ্বৰিফুল ইছলামে জানিবলৈ দিছে।