জিডিটেল ডেক্স, হাটশিঙিমাৰীঃ নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ট বৃদ্ধি পোৱাৰ লগে লগে মানকাচৰৰ বিভিন্ন ঠাইত বৰলুইতৰ পাৰত আৰম্ভ হৈছে গৰাখহনীয়া। বিশেষকৈ বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙা, কালাইৰ আলগা আৰু শিশুমাৰাৰ লগতে নেওৱাজেছপুৰত বৰ্তমানে খহনীয়াই তীব্ৰতৰ হৈছে। নেওৱাজেছপুৰত বিগত ৩ টা দিনৰ ভিতৰত ১১ টা পৰিয়াল খহৱীয়াৰ কৱলত পৰি ঘৰ-দুৱাৰ স্থানান্তৰ কৰিবলগীয়া হৈছে। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা নেওৱাজেছপুৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ খহনীয়াৰ অস্থায়ী প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগক তৎকালীন কাম কৰাৰ নিৰ্দেশনা প্ৰদান কৰে। ফলত জলসম্পদ বিভাগৰ পৰা গাঁওখনত খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’ বেগ প্ৰদান কৰা হয়। বৰ্তমান গাঁওবাসী এইদৰে জিঅ’ বেগৰ দ্বাৰা খহনীয়া প্ৰতিৰোধৰ কাম কৰি থকা পৰিলক্ষিত হৈছে। জিঅ’ বেগৰ দ্বাৰা খহনীয়াৰ অস্থায়ী প্ৰতিৰোধ হলেও স্থায়ী প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসন আৰু চৰকাৰৰ ওচৰত গাঁওবাসীয়ে দাবী জনাইছে।
লক্ষণীয় যে, নেওৱাজেছপুৰত খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে লাহে লাহে প্ৰায় দুই কিলোমিটাৰ নিলগত থকা জিলাৰ সদৰ হাটশিঙিমাৰীলৈ ভাবুকি আহিব। ফলত জিলা আয়ুক্তৰ কাৰ্যালয়কে ধৰি প্ৰায় প্ৰতিটো বিভাগৰ চৰকাৰী কাৰ্যালয় খহনীয়াৰ ভাবুকিত পৰিব। জিলাৰ সদৰৰ লগতে চৰকাৰী কাৰ্যালয় আৰু দুই-তিনিখন গাঁও খহনীয়াৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ শীঘ্ৰে স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰাটো অতিকৈ জৰুৰী হৈ পৰিছে। যোৱা সপ্তাহত সাংসদ ৰকিবুল হুছেইন আৰু মানকাচৰৰ প্ৰাক্তন বিধায়ক তথা অগপ নেতা জাবেদ ইছলাম নেওৱাজেছপুৰ পৰিদৰ্শন কৰে। সাংসদগৰাকীয়ে ততকালীন ভাৱে খহনীয়া প্ৰতিৰোধৰ বাবে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক নিৰ্দেশনা প্ৰদান কৰিছে যদিও নিজৰ পুজিৰ পৰা এক টকাও সাংসদ গৰাকীয়ে জিলাৰ সদৰ ৰক্ষাৰ বাবে নেওৱাজেছপুৰ আৱণ্টন দিয়া নাই। ফলত সাংসদ গৰাকীৰ প্ৰতি স্থানীয় ৰাইজ বিক্ষোভ হোৱা পৰিলক্ষিত হৈছে। ১০ লাখ ভোটৰ ব্যৱধানত দেশৰ ভিতৰত ৰেকৰ্ড কৰি আজমলক পৰাজিত কৰা ৰকিবুলক ৰাইজে হিল-দৌল ভাঙি ভোট প্ৰদান কৰিছিল। কিন্তু খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ নামত কেৱল জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক টেলিফোনযোগে কাম কৰাৰ নিৰ্দেশনা দি দায়িত্ব সামৰিলে নেকি তাক লৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে।