ডিজিটেল ডেক্স, মানকাচৰঃ- নেৰানেপেৰা বৰষুণৰ ফলত মানকাচৰৰ বিভিন্ন প্ৰান্তত শ শ বিঘা ধাননি পথাৰ কৃত্ৰিম বানৰ কবলত পৰিছে। বিশেষকৈ জিলাৰ সদৰ হাটশিঙিমাৰীৰ কোকৰাডাঙা, সুখচৰৰ ফাত্তাফাৰা, গোটাবাৰী আৰু মলাখোৱা গাঁও পঞ্চায়ত এলেকাৰ বিভিন্ন ঠাইৰ লগতে মেঘালয় সীমান্তৱৰ্তী জোৰডাঙা-কুচনিমাৰাত শ শ বিঘা ধান খেতি পানীৰ তলত পৰি নষ্ট হৈ পৰিছে। কৃষক সকলে এবুকু পানীৰ মাজৰ পৰা ধান কাটি আনিবলগীয়া হৈছে। কৃত্ৰিম বানৰ পানীয়ে ধাননি পথাৰ প্লাবিত কৰি ৰখাত শ শ কৃষকৰ ধান খেতি সম্পূৰ্ণৰূপে নষ্ট হৈ পৰাৰ লগতে কিছু কিছু এলেকাত কৃষক সকলে কোনোমতে পানীৰ মাজৰ পৰা ধান কাটি আনিবলগীয়া হৈছে। ক্ষতিগ্ৰস্থ কৃষকক চৰকাৰে কৃষি বিভাগৰ জৰিয়তে ক্ষতিপুৰণ দিয়াৰ বাবে কৃষক সকলে দাবী উত্থাপন কৰিছে।
লক্ষণীয় যে, বিভিন্ন দূৰ্যোগত ক্ষতি সাধণ হোৱা কৃষি ভূমিৰ ক্ষতিপূৰণৰ বাবে চৰকাৰে বীমাৰ ব্যৱস্থা কৰিছে। কিন্তু দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষি বিভাগৰ অহবেলাৰ বাবে এতিয়াও ঠায়ে ঠায়ে কৃষক সকলে এনে চৰকাৰী বীমাৰ বিষয়ে অবগত নহয়। যি সমূহ স্থানত কৃষকে প্ৰতি বছৰে বানপানী বা বিভিন্ন দুৰ্যোগত ক্ষতিগ্ৰস্ত হয় সেই সমূহ স্থানত কৃষি বিভাগে বিশেষ ভাৱে ব্যৱস্থা কৰাটো জৰুৰী যদিও কৃষি বিভাগে কেৱল দুই-চাৰিজন কৃষকক কেমেৰাৰ সম্মুখত চৰকাৰী আঁচনি, বীমা আদিৰ বিষয় অৱগত কৰি প্ৰকৃত কৃষকক এনে আঁচনি বা বীমাৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে জিলাখনৰ কৃষি বিভাগৰ বিৰুদ্ধে।