ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আজি সন্ধিয়া প্ৰায় ৭.৩০ বজাত জিলা আৰক্ষীয়ে খাৰুৱাবান্ধা আৰক্ষীৰ সহযোগত ড্ৰাগছবিৰোধী অভিযান চলাই এটা ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিছে।
উল্লেখযোগ্য যে, এক গোপন সুত্ৰৰ ভিত্তিত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত খাৰুৱাবান্ধা আৰক্ষীৰ দল এটা হাটশিঙিমাৰী অৱৰ্ত ভৱনৰ সম্মুখত থকা এইচ-এম পথত অভিযান চলায়। আৰক্ষীয়ে ৰাস্তাৰে গৈ থকা ড্ৰাগছ মাফিয়া এটাক আটক কৰি ১ হেজাৰ যুৱা নামৰ নিচাজাতীয় টেবলেট আৰু ৬.৪৯ গ্ৰাম হেৰ’ইন, এটা মোবাইল ফোন আৰু নগদ ৭৮০ টকা উদ্ধাৰ কৰি জব্দ কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে ড্ৰাগছ মাফিয়াটোক আটক কৰি গ্ৰেপ্তাৰ কৰিছে। ধৃত ড্ৰাগছ মাফিয়াটোক খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ খাৰুৱাবান্ধা গাঁৱৰ প্ৰয়াত শুকুৰ আলীৰ পুত্ৰ বাছেৰ আলী মণ্ডল (৩৮) বুলি চিনাক্ত কৰা হৈছে। জব্দ কৰা ড্ৰাগছ খিনি ড্ৰাগছ মাফিয়া বাছেৰ বিক্ৰী কৰিবলৈ আনিছিল যদিও আৰক্ষীয়ে গোপন সুত্ৰৰ ভিত্তিত আটক কৰি জেৰাৰ পাচত গ্ৰেপ্তাৰ কৰে। কাইলৈ পুৱাৰ ভাগত হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতত ড্ৰাগছ মাফিয়া বাছেৰক প্ৰেৰণ কৰা হব বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে।