Wednesday, June 18, 2025
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত দূৰ্যোগ ব্যৱস্থাপনাৰ সামূহিক সজাগতা প্ৰশিক্ষণ

হাটশিঙিমাৰীত দূৰ্যোগ ব্যৱস্থাপনাৰ সামূহিক সজাগতা প্ৰশিক্ষণ

    ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ ভূমিকম্পকে ধৰি যিকোনো দূৰ্যোগ আৰু বানপানীৰ সময়ত নিজকে সুৰক্ষিত কৰি ৰখাৰ লগতে ঘৰুৱা সামগ্ৰীৰে কিদৰে আনৰ প্ৰাণ ৰক্ষা কৰিব পাৰি তাক লৈ হাটশিঙিমাৰীৰ সুখচৰত আজি জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষই এনডিআৰএফ বাহিনীৰ সহযোগত সামূহিক সজাগতা প্ৰশিক্ষণ প্ৰদান কৰে।

উল্লেখযোগ্য যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ পাটগাঁওস্থিত ১ নং বেটেলিয়ান এনডিআৰএফ বাহিনীৰ দল এটা তিনিদিনীয়া কাৰ্যসূচী লৈ উপস্থিত হৈছে জিলাৰ সদৰ হাটশিঙিমাৰীত। আজি প্ৰথম দিনা সুখচৰৰ ভূতিয়াডাঙা কমিউনিটি গৃহত সামূহিক সজাগতা প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়। মানকাচৰ ৰাজহ চক্ৰৰ অধীনস্থ ভূতিয়াডাঙাত জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ ক্ষেত্ৰ বিষয়া শ্বৰিফুল ইছলাম, ভূতিয়াডাঙা ২ নং লটৰ গাঁওপ্ৰধান ইমাদুল কৰিমৰ লগতে পাটগাঁওস্থিত ১ নং বেটেলিয়ান এনডিআৰএফ বাহিনীৰ ইনেছপেক্টৰ গজেন্দ্ৰ সিং সহ এনডিআৰএফ আৰু হাটশিঙিমাৰী এছডিআৰএফ বাহিনীৰ দল এটা উপস্থিত থাকি স্থানীয় ছাত্ৰ-ছাত্ৰী, ৰাইজ আৰু আশাকৰ্মী সকলৰ মাজত সামূহিক সজাগতা প্ৰশিক্ষণ প্ৰদান কৰে। দূৰ্যোগৰ সময়ত নিজকে কিদৰে সুৰক্ষিত ৰাখি আনক সুৰক্ষা প্ৰদান কৰিব পাৰি তাক লৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়। একেদৰে দূৰ্যোগ ব্যৱস্থাপনাৰ সৈতে মোকাবিলা কৰিবলৈ ঘৰুৱা আৰু পেলনীয়া সামগ্ৰীৰে কিদৰে আহত ব্যক্তি সকলক উদ্ধাৰ কৰিব পাৰি সেই সম্পৰ্কেও প্ৰশিক্ষণ প্ৰদান কৰে এনডিআৰএফ বাহিনীয়ে। জিলা দূৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ এই সামূহিক সজাগতা প্ৰশিক্ষণ কাইলৈ মলাখোৱা গাঁও পঞ্চায়ত কাৰ্যালয়ত মলাখোৱা এলেকাৰ সাধাৰণ লোক আৰু ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব। একেদৰে ২৮ মে’ত মালিৰ আলগা গাঁও পঞ্চায়ততো একেধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি জিলা দূৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ ক্ষেত্ৰ বিষয়া শ্বৰিফুল ইছলামে জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments