ডিজিটেল ডেক্স, কালাপানীঃ- নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে মানকাচৰৰ কালো নদীৰ পাৰ খহাই নিয়াৰ উপৰিও কালাপানী আৰক্ষী চকী খহনীয়াৰ তীব্ৰ ভাবুকি পৰিছে। বিশেষকৈ কালো নদীৰে গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে সাদুল্ল্যাবাৰী-চাটিভূই সংযোগী মথাউৰী সদৃশ পথটো যোৱা চাৰিদিন পূৰ্বে ছিঙি পেলাই কালাপানী এলেকাত বিস্তৰ ক্ষতি কৰে। এই পথটো ছিঙি যোৱাৰ ফলত এটা পৰিয়ালৰ দুটা বাসগৃহ পানীৰ ঢলে উটুাই নিয়ে। বৰ্তমান বৰষুণ নথকাৰ ফলত কালো নদীৰ পানী লাহে লাহে কমিবলৈ ধৰাত কালো নদীত পুনৰ খহনীয়া আৰম্ভ হৈছে। বিশেষকৈ কালাপানী আৰক্ষী চকী এতিয়া কালো নদীৰ খহনীয়াৰ কবলত পৰিছে। খহনীয়াৰ ফলত কালাপানী আৰক্ষী চকীৰ মূল গেটৰ সম্মুখত থকা নদীৰ পাৰৰ কিছু অংশ খহি পৰাত কালাপানী আৰক্ষী চকীৰ গেটৰ লগতে কালাপানী আৰক্ষী চকী আৰু আৰক্ষী চকীত নিৰ্মাণ কৰা এটা মন্দিৰ খহনীয়াৰ ভাবুকিত পৰিছে। ইয়াৰ পূৰ্বেও কালাপানী আৰক্ষী চকী খহনীয়াৰ ভাবুকিত পৰাৰ ফলত খহনীয়া প্ৰতিৰোধৰ বাবে কিছু কাম কৰা হৈছিল। কিন্তু এইবেলি গেটৰ সম্মুখত খহনীয়া আৰম্ভ হোৱাত ৰাইজৰ মাজত আতংকময় পৰিবেশৰ সৃষ্টি হয়। বৃহত্তৰ কালাপানী এলেকাত অপৰাধ দমৰ বাবে চৰকাৰে কালাপানীত স্থাপন কৰা এই আৰক্ষী চকীৰ জৰিয়তে অঞ্চলটো নিৰাপদ হৈ থাকে। আৰক্ষীয়ে অহৰহ বিভিন্ন প্ৰকাৰে কালাপানীবাসীক সকলো ক্ষেত্ৰতে নিৰাপত্তা প্ৰদান কৰি অহা আৰক্ষী চকীখন হঠাত নৈৰ বুকুত জাহ গ’লে কালাপানী এলেকা নিৰাপত্তাহীন হৈ পৰিব বুলি একাংশ জনে মত প্ৰকাশ কৰে।
আৰক্ষী চকীৰ মূল গেটৰ সম্মুখত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত ইতিমধ্যে বিষয়টো জিলা আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসনৰ লগতে স্থানীয় জনপ্ৰতিনিধিক অৱগত কৰা হয়। ইফালে নৱ নিৰ্বাচিত কালাপানী জিলা পৰিষদৰ সদস্যা নুৰ ইয়াচমিৰ অভিভাৱক তথা কংগ্ৰেছৰ নেতা সাজিবুল মোল্লা আজি কালাপানী আৰক্ষী চকীত উপস্থিত হৈ খহনীয়াৰ বুজ লয়। ইয়াৰ পাচত খহনীয়া তৎকালীন ভাৱে বন্ধ কৰিবলৈ জিলা পৰিষদৰৰ বিষয়াক অৱগত কৰে। কংগ্ৰেছৰ নেতাজনে নিজস্ব ভাৱে কিছু ধন বৰঙণি দিয়াৰ লগতে জলসম্পদ বিভাগৰ পৰা কিছু জিঅ’ বেগ যোগান ধৰাত ৰাইজে বাঁহ আৰু জিঅ’ বেগৰ দ্বাৰা খহনীয়া প্ৰতিৰোধৰ তৎকালীন কাম আৰম্ভ কৰিছে।
লক্ষণীয় যে, অস্থায়ী ভাৱে কালাপানী আৰক্ষী চকীৰ খহনীয়া কিছুদিনৰ বাবে নিয়ন্ত্ৰণলৈ আহিলেও গাৰো পাহাৰত বৰষুণ হলে পুনৰ কালাপানী আৰক্ষী চকী খহনীয়াৰ কৱলত পৰিব। ফলত কালাপানী আৰক্ষী চকীখন পুনৰ চৰম ভাবুকিত পৰিব। গতিকে জিলা প্ৰশাসনে বিষয়টো গুৰুত্ব সহকাৰে লৈ কালাপানী আৰক্ষী চকী খহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ বল্ডাৰৰ দ্বাৰা স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে।