Tuesday, July 1, 2025
Google search engine
গৃহস্থানীয়মানকাচৰৰ গজাৰকান্দিত আছুৰ পদযাত্ৰা ।

মানকাচৰৰ গজাৰকান্দিত আছুৰ পদযাত্ৰা ।

ডিজিটেল ডেক্স, কুকুৰমাৰাঃ বাল্য বিবাহ, শিশু শ্ৰমিক আৰু ড্ৰাগছৰ বিৰুদ্ধে মানকাচৰৰ গজাৰিকান্দিত আজি আছুয়ে এক সজাগতামূলক পদযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে।

উল্লেখযোগ্য যে, গজাৰিকান্দি অঞ্চলৰ সাধাৰণ লোক আৰু দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ সহযোগত কুকুৰমাৰা আঞ্চলিক ছাত্ৰ সন্থাই আজি দিনৰ প্ৰায় ১১ বজাত পদযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে। এই পদযাত্ৰাত অংশগ্ৰহন কৰা আছু কৰ্মী আৰু ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ ‘বাল্য বিবাহ বন্ধ কৰক, শিশু শ্ৰমিক বন্ধ কৰক, ড্ৰাগছ সেৱন বন্ধ কৰক, ড্ৰাগছ ব্যৱসায় বন্ধ কৰক, আছু জিন্দাবাদ, আছু লং লিভ ইত্যাদি শ্ল’গানেৰে কুকুৰমাৰা, গজাৰিকান্দি, ওখৰাবাৰী আৰু দাসপাৰা এলেকাৰ আকাশ-বতাহ কঁপাই তোলা পৰিলক্ষিত হয়। ছাত্ৰ-ছাত্ৰী, সাধাৰণ জনতাৰ মাজত বাল্য বিবাহ, ড্ৰাগছ আৰু শিশুশ্ৰমিকৰ বিৰুদ্ধে সজাগতা আনিবলৈ আছুয়ে এইদৰে মানকাচৰৰ গজাৰিকান্দিত পদযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে। এই কাৰ্যসূচীত জিলা আছুৰ  ভাৰপ্ৰাপ্ত সভাপতি আব্দুৰ ৰেজ্জাক আৰু সাধাৰণ সম্পাদক ৰৌশন আলম উপস্থিত থাকি চৰকাৰ প্ৰশাসনে বাল্যবিবাহ, ড্ৰাগছ আৰু শিশু শ্ৰমিক বন্ধ কৰাৰ আহ্বান জনায়।

কুকুৰমাৰা আঞ্চলিক আছুৰ উদ্যোগত অনুষ্ঠিত এই পদযাত্ৰা কাৰ্যসূচী গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা আৰম্ভ কৰি কুকুৰমাৰা, ওখৰাবাৰী আৰু দাসপাৰাৰ লগতে বিএছএফ কেম্প হৈ পুনৰ গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয়। প্ৰায় ডেৰ ঘণ্টা সময় পদযাত্ৰা কৰি বাংলাদেশ সীমান্তৱৰ্তী এলেকা কেইখনৰ ৰাইজক বাল্যবিবাহ, ড্ৰাগছ আৰু শিশু শ্ৰমিকবিৰোধী সজাগতা অনাৰ প্ৰয়াস চলোৱা হয়।

লক্ষণীয় যে, আছুৰ এই পদযাত্ৰাৰ সময়ত হঠাত বৰষুণ পৰিবলৈ ধৰে যদিও ছাত্ৰ-ছাত্ৰী, আছুকৰ্মী সকলে বৰষুণত তিতিয়ে পদযাত্ৰা সম্পন্ন কৰা পৰিলক্ষিত হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments