ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলা আইনসেৱা প্ৰাধিকাৰীৰ উদ্যোগত হাটশিঙিমাৰীত আজি জিলা মেডিয়েছন কেন্দ্ৰ মুকলি কৰা হয়। হাটশিঙিমাৰী মহকুমা আদালতত অস্থায়ী ভাৱে স্থাপন কৰা District Mediation Centre খন আনুষ্ঠানিক ভাৱে মুকলি কৰে জিলা সত্ৰ ও ন্যায়াধীশ আদালতৰ মুখ্য ন্যায়াধীশ সঞ্জয় হাজৰিকাই । জিলা মেডিয়েছন কেন্দ্ৰ মুকলি অনুষ্ঠানত জিলা সত্ৰ ও ন্যায়াধীশ আদালতৰ মুখ্য ন্যায়াধীশৰ সঞ্জয় হাজৰিকাৰ উপৰিও জিলা মুখ্য ন্যায়িক দণ্ডাধীশ সৰ্বানী ভট্টাচাৰ্য, জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিত জয়ন্ত কুমাৰ শইকীয়াৰ লগতে জিলা আৰু মহকুমা আদালয়ৰ ন্যায়াধীশ আৰু অধিবক্তা সকল উপস্থিত আছিল। আইনগত ভাৱে মিমাংসাৰ যোগ্য গোচৰসমূহ এই জিলা মেডিয়েছন কেন্দ্ৰখনৰ জৰিয়তে মিমাংসা কৰা হ’ব। বৈবাহিক আৰু পাৰিবাৰিক বিবাদ, দেৱানী বিবাদ, মটৰ দুৰ্ঘটনাৰ দাবী, শ্ৰম আৰু নিয়োগ বিবাদ, গ্ৰাহকৰ বিবাদ, বাণিজ্যিক আৰু চুক্তিবদ্ধ বিবাদ, চহকী অপৰাধমূলক অপৰাধ আৰু ৰাজহুৱা উপযোগিতা সেৱাৰ বিবাদৰ বাবে হোৱা গোচৰসমূহ এই জিলা মেডিয়েছন কেন্দ্ৰৰ জৰিয়তে মিমাংসা কৰা হ’ব বুলি সাংবাদিকৰ সৈতে হোৱা সাক্ষাতকাৰত জিলা আইনসেৱা প্ৰাধিকাৰীৰ সচিত জয়ন্ত কুমাৰ শইকীয়া আৰু জিলা সত্ৰ ও ন্যায়াধীশ আদালতৰ মুখ্য ন্যায়াধীশ সঞ্জয় হাজৰিকাই উল্লেখ কৰিছে।
লক্ষণীয় যে, ২০১৫ চনতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা গঠন হলেও জিলাখনত দীৰ্ঘদিনে জিলা মেডিয়েছন কেন্দ্ৰ নথকাত জিলাবাসীয়ে ধুবুৰী জিলা মেডিয়েছন কেন্দ্ৰত মিমাংসাৰ বাবে যাবলগীয়া হৈছিল। দীৰ্ঘদিনীয়া দাবীৰ অন্তত অৱশেষত সোমবাৰে আনুষ্ঠানিক ভাৱে মুকলি কৰা এই কেন্দ্ৰৰ জৰিয়তে জিলাবাসীয়ে মিমাংসাৰ উপযোগী গোচৰ সমূহত মিমাংসা কৰিব পাৰবি।