Tuesday, June 17, 2025
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰাত পুনৰ  পাকিস্তান সমৰ্থনকাৰী গ্ৰেপ্তাৰ । জে'ললৈ প্ৰেৰণ

দক্ষিণ শালমাৰাত পুনৰ  পাকিস্তান সমৰ্থনকাৰী গ্ৰেপ্তাৰ । জে’ললৈ প্ৰেৰণ

ডিজিটেল ডেক্স, দক্ষিণ শালমাৰাঃ- শালমাৰা থানা এলেকাৰ অধীনস্থ কাঠডাঙ্গা মহুৰীৰচৰৰ পৰা আৰক্ষীয়ে যোৱা নিশা ৰজু শেখ নামৰ এজন পাকিস্তান সমৰ্থনকাৰী যুৱকক গ্ৰেপ্তাৰ কৰিছে। ১৯ বছৰীয়া যুৱক জনে পেহেলগামৰ ঘটনাৰ পাচত পাকিস্তানক সমৰ্থন কৰি নিজৰ RX_RAJU_01 নামৰ ইনষ্টাগ্ৰাম একাউন্টৰ জৰিয়তে পাকিস্তানৰ পতাকা শ্বেয়াৰ কৰিছিল। দক্ষিণ শালমাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাচত ৰজু নিজৰ অপৰাধ আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছে। আৰক্ষীয়ে এটা মোবাইল ফোন জব্দ কৰিছে। আজি দিনৰ ভাগত ৰাজুক হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰাৰ পাচত আদালাতে ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে। পাকিস্তানক সমৰ্থনৰ পোষ্ট দিয়া আন দুজন যুৱকক যোৱা সপ্তাহত দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষী জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে এজনক দক্ষিণ শালমাৰা থানা এলেকাত গ্ৰেপ্তাৰ কৰাৰ লগতে আনজনক বন্দিহান আৰক্ষী চকী এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments